মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Lovlina Borgohain's Religion : লাভলীনা বৰগোহাঁইৰ ধৰ্ম কি? আমি সোধা নাই, কোনে সুধি ফুৰিছে জানক...

Lovlina Borgohain's Religion : লাভলীনা বৰগোহাঁইৰ ধৰ্ম কি? আমি সোধা নাই, কোনে সুধি ফুৰিছে জানক...

News18 Assam | News18-Assam
Updated:August 2, 2021, 9:23 AM IST
Lovlina Borgohain's Religion : লাভলীনা বৰগোহাঁইৰ ধৰ্ম কি? আমি সোধা নাই, কোনে সুধি ফুৰিছে জানক...
গুগল (Google)ত এইকেইদিনত সৰ্বাধিক ছাৰ্চ কৰা বিষয়টোৰ ভিতৰত তৃতীয় স্থানত লাভলীনাৰ ধৰ্ম।

গুগল (Google)ত এইকেইদিনত সৰ্বাধিক ছাৰ্চ কৰা বিষয়টোৰ ভিতৰত তৃতীয় স্থানত লাভলীনাৰ ধৰ্ম।

  • Share this:
টকিঅ' অলিম্পিকছ (Tokyo Olympics)ত ব্ৰঞ্জৰ পদক নিশ্চিত হোৱাৰ পিছতে  অসম বা ভাৰততে নহয় সমগ্ৰ বিশ্বতে এটা চৰ্চিত নাম হৈ পৰিছে অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁই (Lovlina Borgohain)। বৰ্তমানৰ ফৰ্মলৈ চাই লাভলীনাই যে ৰূপ নাইবা অতি দৈৱ ক্ষণত সোণ জয় কৰি আহিব পাৰে সেয়াও নুই কৰিব নোৱাৰি। লাভলীনাৰ নিজৰ মতেও "মেডেল মানে হৈছে সোণৰ পদক"।  কিন্তু আশ্চৰ্যৰ কথাটো হ'ল লাভলীনাৰ খেল বা নিজা পৰিচয়তকৈ একাংশৰ বাবে লাভলীনাৰ ধৰ্ম (Lovlina Borgohain's Religion) কি সেইটো জনাটোহে যেন হৈ পৰিছে একমাত্ৰ কাম।

কিন্তু প্ৰশ্ন হৈছে কোন এই লোকসকল, কিয় লাগে লাভলীনাৰ ধৰ্মৰ পৰিচয়?

লাভলীনাৰ চমকপ্ৰদ উত্থানৰ পিছত লাভলীনাৰ ধৰ্ম কি সেইটো জানিবলৈ উদগ্ৰীৱ হৈ পৰিছে একাংশ লোক। সেয়ে অতি সহজতে এই কথা জানিবলৈ গুগল (Google)ত লাভলীনাৰ ধৰ্ম বিচাৰি হাহাকাৰ কৰিছে লোকসকলে। এওলোক হৈছে নেটিজেন। একাংশ নেটিজেন ব্যস্ত লাভলীনাৰ ধৰ্ম বিচাৰত।

গুগলত এইকেইদিনত সৰ্বাধিক ছাৰ্চ (Most Searched Topics) কৰা বিষয়টোৰ ভিতৰত তৃতীয় স্থানত আছিল লাভলীনাৰ ধৰ্ম। আমাৰ দেশত এতিয়াও যে ধৰ্ম পৰিচয় এক প্ৰধান আৰু স্পৰ্শকাতৰ বিষয় হৈ আছে তাৰেই প্ৰমাণ এইয়া।

লাভলীনাৰ বিষয়ে এতিয়া জানিবলগীয়া সকলো কঠাৰে ইণ্টাৰনেট ভৰি আছে। কিন্তু লাভলীনাৰ তেনেবোৰ কথাৰ লগত কোনো সম্পৰ্ক নাই এইসকল লোকৰ, তেওঁলোকে বিচাৰি ফুৰিছে লাভলীনাৰ ধৰ্ম। ইতিমধ্যে বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ পাইছে এই বাতৰি।
Published by: Manjumoni Borah
First published: August 1, 2021, 8:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি