মুখ্যপৃষ্ঠা »খবৰ »অসম »Lovlina Borgohain: বাতৰি কাকতত পোৱা এখন ছবিয়ে হাতত গ্ল'ভছ পিন্ধিবলৈ অনুপ্ৰাণিত কৰিছিল লাভলীনাক, সাফল্যৰ নেপথ্য কাহিনী

Lovlina Borgohain: বাতৰি কাকতত পোৱা এখন ছবিয়ে হাতত গ্ল'ভছ পিন্ধিবলৈ অনুপ্ৰাণিত কৰিছিল লাভলীনাক, সাফল্যৰ নেপথ্য কাহিনী

লাভলীনাৰ বক্সিং ক্ষেত্ৰখনলৈ যাত্ৰা আৰম্ভ হৈছিল এক বিশেষ ঘটনাৰ মাজেৰে।

লাভলীনাৰ বক্সিং ক্ষেত্ৰখনলৈ যাত্ৰা আৰম্ভ হৈছিল এক বিশেষ ঘটনাৰ মাজেৰে।

লাভলীনাৰ বক্সিং ক্ষেত্ৰখনলৈ যাত্ৰা আৰম্ভ হৈছিল এক বিশেষ ঘটনাৰ মাজেৰে।

  • Share this:

অসমৰ  বাবে এটা ঐতিহাসিক দিন আজিৰ দিনটো। টকিঅ' অলিম্পিকৰ মঞ্চত অসমৰ নাম উজলাই তোলা লাভলীনাৰ সাফল্যৰ নেপথ্যত আছে আন এগৰাকী বিশ্বৰ খ্যাতিমান বক্সাৰ মহম্মদ আলী আৰু এখন খণ্ডিত বাতৰি কাকত। সেয়া অন্য এক কাহিনী।


গোলাঘাট (Golaghat) জিলাৰ জীয়াৰী লাভলীনা বৰগোহাঁয়ে (Lovlina Borgohain)  চীনৰ নিয়েন–চিন চেন ( Nien-Chin Chen)ক হৰুৱাই ব্ৰঞ্জৰ পদক নিশ্চিত কৰাৰ পিছত ছেমিফাইনেলত প্ৰৱেশ কৰিছে। লাভলীনাৰ বক্সিং ক্ষেত্ৰখনলৈ যাত্ৰা আৰম্ভ হৈছিল এক বিশেষ ঘটনাৰ মাজেৰে, যি আজি এক ৰোমাঞ্চকৰ কাহিনী ৰূপে উদ্ভাসি উঠিছে।


১৯৯৭ চনৰ ২ অক্টোবৰত জন্মলাভ কৰা লাভলীনাৰ পিতৃ এগৰাকী সাধাৰণ ব্যৱসায়ী। কিন্তু জীয়াৰীৰ খেলা–ধূলাৰ প্ৰতি থকা ৰাপৰ প্ৰতি চকু দি এইক্ষেত্ৰত সদায়ে উতসাহিত কৰি সামান্য সুবিধাৰ মাজেৰে চেষ্টা কৰি আহিছিল তেওঁ। আজি লাভলীনা বক্সিঙৰ কাৰণে বিখ্যাত হ'লেও খেল জগতত সোমাইছিল এগৰাকী কিকবক্সাৰ ৰূপে। কিক বক্সিঙৰ এটি শাখা মুয়েথাইত নামভৰ্তি কৰিছিল তেওঁ।


বক্সিং জগতৰ প্ৰতি লাভলীনাক আগ্ৰহী কৰিছিল এখন খণ্ডিত বাতৰি কাকতে। ঘটনাটো আছিল এনেধৰণৰ–  বাতৰি কাকতত লাভলীনালৈ বুলি দেউতাকে এদিন আনিছিল মিঠাই। খণ্ডিত কাকতৰ টুকুৰাত আছিল মহান বক্সাৰ মহম্মদ আলীৰ ফটো। দেউতাকে লাভলীনাক পৰিচয় কৰাই দিয়ে মহম্মদ আলীৰে। আৰু লাভলীনাই কাগজখন লগে লগে পঢ়িবলৈ ধৰে।


মহম্মদ আলীক লৈ চৰম কৌতূহলে খেদি ফুৰে লাভলীনাক। বি‍ভিন্ন ঠাইত বিচাৰি তেওঁ জানিব বিচাৰে কিংবদন্তি বক্সাৰ আলীক। ''ক'লা'' মানুহ মহম্মদ আলীৰ জীৱন সংগ্ৰাম আৰু বক্সিং জগতৰ সাফল্যগাথাই  অনুপ্ৰাণিত কৰে লাভলীনাক। এনে এক ঘটনাই লাভলীনাৰ দিক নিৰ্ণয় কৰে এগৰাকী বক্সাৰলৈ।


আজি তেওঁ অসমৰ প্ৰথমগৰাকী অলিম্পিক পদকজয়ী ৰূপে খ্যাতি অৰ্জনৰ সৈতে এই ঘটনাটো সংবাদ মাধ্যমত চৰ্চিত হৈছে। একলব্যৰ দৰে মহম্মদ আলীৰ জীৱনে আলোড়িত কৰা লাভলীনা সাফল্যই এক সীমা স্পৰ্শ কৰিলে। অসমবাসীয়ে তেওঁৰ পৰা কৰে আৰু আশা, জয়যাত্ৰা অব্যাহত থাকক লাভলীনাৰ।

শেহতীয়া বাতৰি