உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লাভলীনালৈ বিলাসী চাইকেল উপহাৰ, ৪ ছেপ্টেম্বৰৰ পৰা পুনৰ ৰিঙত নামিব লাভলীনা

    লাভলীনালৈ বিলাসী চাইকেল উপহাৰ, ৪ ছেপ্টেম্বৰৰ পৰা পুনৰ ৰিঙত নামিব লাভলীনা

    অনুশীলনৰ বাবে অহা ৩ ছেপ্টেম্বৰতে অসম এৰিব লাভলীনা বৰগোহাঁয়ে।

    অনুশীলনৰ বাবে অহা ৩ ছেপ্টেম্বৰতে অসম এৰিব লাভলীনা বৰগোহাঁয়ে।

    অনুশীলনৰ বাবে অহা ৩ ছেপ্টেম্বৰতে অসম এৰিব লাভলীনা বৰগোহাঁয়ে।

    • Share this:
    বক্সিঙৰ ৰিঙত বিশ্ব জিনা লাভলীনা এতিয়া সকলোৰে আদৰৰ। নিশা মহানগৰীত চাইকেলত উঠি প’জ দিলে অসম কন্যা লাভলীনাই। বুধবাৰে সন্ধিয়াৰ ভাগত গড়চুকতস্থিত ৰোড ৰাইডাৰ্ছৰ চাইকেল ডিলাৰত উপস্থিত হৈ উপহাৰ গ্ৰহণ কৰি দিলে প’জ। লাভলীনাক গড়চুকতস্থিত ৰোড ৰাইডাৰ্ছৰ  উপহাৰ স্বৰূপে NINETY ONE ব্ৰেণ্ডৰ চাইকেল উপহাৰ দিয়ে ডিলাৰ কৰ্তৃপক্ষই।

    চাইকেল উপহাৰ গ্ৰহণ কৰি লাভলীনাই শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ সকলোকে চাইকেল চলাবলৈ পৰামৰ্শ দিয়ে। আনফালে, অধিক সম্বৰ্ধনা অনুষ্ঠানে লাভলীনাক অনুশীলনত ব্যাঘাত জন্মাইছে বুলি কয় লাভলীনাই। অনুশীলনৰ বাবে অহা ৩ ছেপ্টেম্বৰতে অসম এৰিব লাভলীনা বৰগোহাঁয়ে।

    ৪ ছেপ্টেম্বৰৰ পৰা পুনৰ ৰিঙত নামিব লাভলীনা। লক্ষ্য ন ন পদক অৰ্জন কৰা। ইপিনে সৰুপথাৰত নিৰ্মাণ হ'বলগীয়া ক্ৰীড়া প্ৰকল্প সন্দৰ্ভতো মন্তব্য কৰে লাভলীনাই। বক্সিঙৰ ৰিঙটো বনোৱাৰ ক্ষেত্ৰত তদাৰক কৰিব লাভলীনাই। অসম চৰকাৰে প্ৰদান কৰা DSP চাকৰি গ্ৰহণ কৰিলেও বিশেষকৈ নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব বুলি ক'লে লাভলীনাই।
    Published by:Sanjay Kumar Das
    First published: