আপোন ঘৰখনত মাত্ৰ এটা নিশা কটাই আজি পুৱাই লাভলীনা বৰগোহাঁই (Lovlina Borgohain) ৰাওনা হয় উত্তৰ প্ৰদেশলৈ (Uttar Pradesh)। পুৱাই ঘৰৰ পৰা পিতৃ টিকেন বৰগোহাঁইৰ লগত গুৱাহাটীলৈ (Guwahati) যায় লাভলীনা। গুৱাহাটীৰ পৰা বিয়লি ৩.৪০ত বিমানযোগে লাভলীনা যাব উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ। আজি লক্ষ্ণৌত উত্তৰ প্ৰদেশ চৰকাৰ এক চৰকৰী অনুষ্ঠানত ভাগ ল’ব লাভলীনাই। তাত লাভলীনাক প্ৰদান কৰা হ’ব ১ কোটি টকা।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যেগী আদিত্যনাথে (Yogi Adityanath) আয়োজন কৰা এই অনুষ্ঠানটোত ভাৰতৰ হৈ অলিম্পিকত (Tokyo Olympics) পদকপ্ৰাপ্ত সকলো খেলুৱৈ উপস্থিত থাকিব। যিটো অনুষ্ঠানতে অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাক (Neeraj Chopra) ২ কোটি টকা, ৰূপৰ পদক পোৱাসকলক ১.৫ কোটি টকা আৰু ব্ৰঞ্জৰ পদক পোৱা খেলুৱৈসকলক ১ কোটি টকাকৈ প্ৰদান কৰা হ’ব।
তদুপৰি একেটা অনুষ্ঠানতে অলিম্পিকত সুন্দৰ প্ৰদৰ্শন কৰিও পদক প্ৰাপ্তিৰ পৰা বঞ্চিত হোৱা ভাৰতীয় মহিলা হকী দলৰ খেলুৱৈসকলক ৫০ লাখ টকা আৰু অলিম্পিকত খেলিবলৈ যোগ্যতা অৰ্জন কৰা উত্তৰ প্ৰদেশৰ ১০ জন খেলুৱৈক ২৫ লাখ টকাকৈ প্ৰদান কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|