• Home
  • »
  • News
  • »
  • assam
  • »
  • Lovlina Borgohain: লাভলীনা বৰগোহাঁইৰ নামেৰে নামাকৰণ কৰা হ'ব গুৱাহাটীৰ এটা পথ, তাৰকা খেলুৱৈগৰাকীৰ নামেৰে সৰুপথাৰত নিৰ্মাণ কৰা হ'ব ক্ৰীড়াপ্ৰকল্প

Lovlina Borgohain: লাভলীনা বৰগোহাঁইৰ নামেৰে নামাকৰণ কৰা হ'ব গুৱাহাটীৰ এটা পথ, তাৰকা খেলুৱৈগৰাকীৰ নামেৰে সৰুপথাৰত নিৰ্মাণ কৰা হ'ব ক্ৰীড়াপ্ৰকল্প

ৰাজ্য চৰকাৰে অলিম্পিকত পদক বিজয়ী তাৰকা খেলুৱৈগৰাকীৰ কলাক্ষেত্ৰত সম্বৰ্ধনা জনায়।

ৰাজ্য চৰকাৰে অলিম্পিকত পদক বিজয়ী তাৰকা খেলুৱৈগৰাকীৰ কলাক্ষেত্ৰত সম্বৰ্ধনা জনায়।

ৰাজ্য চৰকাৰে অলিম্পিকত পদক বিজয়ী তাৰকা খেলুৱৈগৰাকীৰ কলাক্ষেত্ৰত সম্বৰ্ধনা জনায়।

  • Share this:
অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁই বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয়। ৰাজ্য চৰকাৰে অলিম্পিকত পদক বিজয়ী তাৰকা খেলুৱৈগৰাকীৰ কলাক্ষেত্ৰত সম্বৰ্ধনা জনায়। উপহাৰৰ চিন স্বৰূপে লাভলীনালৈ ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ DSP পদ প্ৰদান কৰে।কেৱল ইমানেই নহয় লাভলীনালৈ ৰাজ্য চৰকাৰে আগবঢ়াই ১ কোটি টকা।

ইফালে সৰুপথাৰত ২৫ কোটিৰ ক্ৰীড়াপ্ৰকল্প লাভলীনাৰ নামেৰে নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। ক্ৰীড়াপ্ৰকল্পত থাকিব বক্সিঙৰ একাডেমী। সেইদৰে পেৰিছ অলিম্পিক পৰ্য্যন্ত প্ৰতিমাহে লাভলীনা বৰগোঁহাইক চৰকাৰে এক লাখ টকাকৈ প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, গুৱাহাটীৰ এটা পথৰ নামো লাভলীনা বৰগোহাঁইৰ নামেৰে নামাকৰণ কৰিব ৰাজ্য চৰকাৰে।

কেৱল ইমানেই নহয়, লাভলীনা বৰগোঁহাইৰ চাৰিগৰাকী প্ৰশিক্ষকলৈ ১০ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে।
Published by:Himangshu Bhuyan
First published: