বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক বিজয়ৰ পিছত গুৱাহাটীত উপস্থিত হোৱা অসম কন্যা লাভলিনা বৰগোহাঁইক জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনায়।
আজি বিধানসভাতো মুখ্যমন্ত্ৰীয়ে ধন্যবাদসূচক প্ৰস্তাৱত অংশ লৈ লাভলিনা বৰগোহাঁইক প্ৰশংসা কৰে আৰু তেওঁ অসমৰ লগতে ভাৰতীয় ক্ৰীড়াক উচ্চ মানলৈ আগবঢ়াই নিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। ইতিমধ্যে লাভলিনা বৰগোহাঁই (Lovlina Borgohain)ৰ কৃতিত্বৰ বাবে ৫০ লাভ টকা পুৰস্কাৰ ঘোষণা কৰিছে চৰকাৰে।
ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা লাভলিনা বৰগোহাঁয়ে অনুশীলনৰ বাবে প্ৰতিমাহে লাভ কৰি থকা ২ লাখ টকা পেৰিছ অলিম্পিকলৈকে লাভ কৰি থাকিব বুলি জানিবলৈ দিয়ে। আনহাতে লাভলিনাই এতিয়াৰে পৰা লাভ কৰিব দুজনকৈ প্ৰশিক্ষক। দুজন প্ৰশিক্ষকৰ বাবে লাভলিনাই আৱেদন জনাইছিল ক্ৰীড়া সঞ্চালকক।
মুখ্যমন্ত্ৰীকে ধৰি আসাম এমেচাৰ বক্সিং ফেডাৰেচনৰ সম্বৰ্ধনা গ্ৰহণ কৰি লাভলিনা বৰগোহাঁয়ে কয়- ''অসমৰ মানুহে মোক লৈ কৰা আশাবোৰ সজীৱ কৰিব পৰা কাৰণে মই সুখী। অলিম্পিকৰ পিছত বহুত উথান-পতন আহিছিল মোৰ জীৱনত, কমনৱেলথত পৰাজিত হোৱাৰ বাবে বহু সমালোচনাৰো সন্মুখীন হ'লোঁ। এতিয়া এছিয়ান গেমছৰ বাবে সাজু হৈছোঁ, অলিম্পিকৰ ব্ৰঞ্জ মেডেলটো গ'ল্ডলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যও আছে মোৰ। মই মানুহৰ মাজত যোগাত্মকভাৱে থাকিব বিচাৰোঁ, মোক ভুল নুবুজিব আপোনালোকে। মই চেষ্টা কৰিছোঁ মই মোৰ ১০০ শতাংশ দিছোঁ, তাৰ বাদে মই একো কৰিব নোৱাৰোঁ। জয় পৰাজয় থাকিবই। বিশ্ব চেম্পিয়নশ্বিপৰ মেডেলটো মোৰ নহয় সকলোৰে। আমাৰ অসমৰ নৱপ্ৰজন্মক অলিম্পিকৰ সপোন দেখাবলৈ চেষ্টা কৰিম, অলিম্পিকৰ মেডেল যাতে মোৰ নামতে নাথাকে আন কাৰোবাৰ হাতলৈও আহে অসমত তাৰ বাবে চেষ্টা কৰিম।''
লাভলিনা বৰগোহাঁয়ে লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু BFIৰ সম্পাদক হেমন্ত কলিতা, ক্ৰীয়া সঞ্চালক নিবেদন দাস পাটোৱাৰীকো ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য, আজি বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে গৈ লাভলিনা বৰগোহাঁয়ে পৰিয়ালসহ কামাখ্যা মন্দিৰো দৰ্শন কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 30, 2023, 21:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।