உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Lovlina Borgohain: 'লাভলীনাৰ ক্ষেত্ৰত হিমা দাসৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাটো নিবিচাৰো'- কিয় ক'লে বিধায়ক অখিল গগৈয়ে?

    Lovlina Borgohain: 'লাভলীনাৰ ক্ষেত্ৰত হিমা দাসৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাটো নিবিচাৰো'- কিয় ক'লে বিধায়ক অখিল গগৈয়ে?

    লাভলীনাৰ প্ৰসংগত এইবাৰ মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে, লাভলীনা অসমৰ বাবে গৌৰৱ, আৱেগ।'

    লাভলীনাৰ প্ৰসংগত এইবাৰ মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে, লাভলীনা অসমৰ বাবে গৌৰৱ, আৱেগ।'

    লাভলীনাৰ প্ৰসংগত এইবাৰ মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে, লাভলীনা অসমৰ বাবে গৌৰৱ, আৱেগ।'

    • Share this:
    অসম আৰক্ষীৰ DSP পদত যোগদান কৰিলে অসমৰ গৌৰৱ, টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁই (Lovlina Borgohain)য়ে। বুধবাৰে জনতা ভৱনত আয়োজিত এক কাৰ্যসূচীত DSP পদত যোগ দিয়ে লাভলিনা বৰগোহাঁইয়ে। মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত লাভলিনাক প্ৰদান কৰা হয় এই সন্মান।

    লাভলীনাৰ প্ৰসংগত এইবাৰ মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে, লাভলীনা অসমৰ বাবে গৌৰৱ, আৱেগ ৷ লাভলীনাই ফেশ্বনত অংশগ্ৰহণ, বঁটা- বাহন সম্বৰ্ধনা লৈ নুফুৰিলে ভাল হ'ব বুলি ভাবো ৷ হিমা দাসৰ ক্ষেত্ৰতো একেই হৈছিল ৷ লাভলীনাক সমষ্টিত ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিছে চৰকাৰে ৷ সেয়া আমি কেতিয়াও বিচৰা নাই ৷ লাভলীনাৰ ক্ষেত্ৰত হিমা দাসৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাটো নিবিচাৰো ৷ লাভলীনাই আকাশ চোৱক, অলিম্পিকত মেডেল লাভ কৰক ৷ সেয়া আমাৰ কাম্য ৷' লাভলীনাক যাতে চৰকাৰে ধ্বংস নকৰে তাৰ বাবে আহ্বান অখিল গগৈৰ ৷

    উল্লেখ্য যে লাভলিনা বৰগোহাঁই হৈছে অলিম্পিকত পদক জয় কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। টকিঅ' অলিম্পিকত বক্সাৰ লাভলিনাই ব্ৰঞ্জৰ পদক জয় কৰি অসমৰ ক্ৰীড়া ইতিহাসত ৰচনা কৰিছিল নতুন অধ্যায়ৰ। লাভলিনাৰ পূৰ্বে ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ধিংঅক্সপ্ৰেছ ৰূপে খ্যাত দৌৰবিদ হিমা দাসকো DSP পদত নিযুক্ত কৰি সন্মান যঁচা হৈছিল।
    Published by:Himangshu Bhuyan
    First published: