• Home
  • »
  • News
  • »
  • assam
  • »
  • Lovlina Borgohain : অশ্ৰুসিক্ত নয়নেৰে বিদায় ল’লে ঘৰৰ পৰা, পুনৰ অনুশীলন শিবিৰলৈ উভতিল লাভলীনা

Lovlina Borgohain : অশ্ৰুসিক্ত নয়নেৰে বিদায় ল’লে ঘৰৰ পৰা, পুনৰ অনুশীলন শিবিৰলৈ উভতিল লাভলীনা

ঘৰৰ পৰা বিদায় লোৱাৰ পৰত আবেগিক হৈ পৰিল লাভলীনা। বিদায় পৰত বাৰে বাৰে মাতৃ–ভগ্নীক সাবটি ধৰে লাভলীনাই।

ঘৰৰ পৰা বিদায় লোৱাৰ পৰত আবেগিক হৈ পৰিল লাভলীনা। বিদায় পৰত বাৰে বাৰে মাতৃ–ভগ্নীক সাবটি ধৰে লাভলীনাই।

ঘৰৰ পৰা বিদায় লোৱাৰ পৰত আবেগিক হৈ পৰিল লাভলীনা। বিদায় পৰত বাৰে বাৰে মাতৃ–ভগ্নীক সাবটি ধৰে লাভলীনাই।

  • Share this:
অশ্ৰুসিক্ত নয়নেৰে আজি ঘৰৰ পৰা বিদায় ল’লে লাভলীনা বৰগোহাঁয়ে। বাংগালুৰুৰ অনুশীলন শিৱিৰলৈ ৰাওনা হ'ল অসম গৌৰৱ লাভলীনা। বাৰমুখীয়া গাঁৱৰ ঘৰখনৰ পৰা পিতৃৰ সৈতে ১১.৩০ বজাত ডিমাপুৰ বিমান বন্দৰলৈ ৰাওনা হয় লাভলীনা।

ঘৰৰ পৰা বিদায় লোৱাৰ পৰত আবেগিক হৈ পৰিল লাভলীনা। বিদায় পৰত বাৰে বাৰে মাতৃ–ভগ্নীক সাবটি ধৰে লাভলীনাই। অসুস্থ মাতৃয়ে চকুলু টুকি বিদায় দিয়ে নিজ কন্যাক। ইপিনে লাভলীনাক বিদায় দিবলৈ পুৱাই লাভলীনাৰ বাসগৃহত উপস্থিত হয় সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন।

বিদায় পৰত লাভলীনাক বিধায়কজনে দেখুৱাই লাভলীনাৰ নামত নিৰ্মাণ হ’বলগীয়া ক্ৰীড়া প্ৰকল্পৰ আৰ্হি। নিৰ্মাণ হ’বলগীয়া ক্ৰীড়া প্ৰকল্প সন্দৰ্ভত  বিধায়কজনৰ সৈতে আলোচনা কৰে লাভলীনাই। ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখি সন্তুষ্টি প্ৰকাশ কৰে লাভলীনাই। ইপিনে বিধায়ক বিশ্বজিৎ ফুকনলৈ কৃতজ্ঞতাৰ চিন স্বৰূপে লাভলীনাই টি চাৰ্ট, ট্ৰেকচুত আদি উপহাৰ প্ৰদান কৰে।
Published by:Sanjay Kumar Das
First published: