হোজাই জিলাৰ ডবকাত ফেচবুক প্ৰেমৰ ভয়ংকৰ পৰিণতি। মৰেল পুলিচিঙৰ ঘটনাই সৰ্বত্ৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ।
হোজাই জিলাৰ ডবকাত ফেচবুক প্ৰেমৰ ভয়ংকৰ পৰিণতি। মৰেল পুলিচিঙৰ ঘটনাই সৰ্বত্ৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ।
ফেচবুক প্ৰেমে বিপদ মাতিলে এগৰাকী শিক্ষয়িত্ৰীৰ জীৱনলৈ! প্ৰেমিকক লগ কৰিবলৈ আহোতেই শিক্ষয়িত্ৰীগৰাকীক গছত বান্ধি অতি নিৰ্মম ভাবে প্ৰহাৰ কৰে প্ৰেমিকৰ মাতৃ, ভগ্নী আৰু নবৌৱেকে। ভুক্তভোগী মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ জুৰীয়াত। জানিব পৰা মতে, ফেচবুকৰ জৰিয়তে কেইবছৰমান পূৰ্বে হোজাই জিলাৰ ডবকাৰ পূৱ যমুনাগাঁৱৰ আব্দুৰ ৰব নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়লৈ উঠিছিল মহিলাগৰাকীৰ। আনকি যুৱক জনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ পিছত পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদো কৰিছিল মহিলাগৰাকীয়ে।
কিন্তু এটা সময়ত লম্পট প্ৰেমিক আব্দুৰে মহিলাগৰাকীক অশ্লীল ফটো দিবলৈও বাধ্য কৰাই। পিছত ফটো ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভয় দেখুৱাই আব্দুৰে মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্কও স্থাপন কৰে। কেৱল ইমানেই নহয়, বিবাহৰ প্ৰলুভনেৰে লম্পট যুৱকজনে মহিলাগৰাকীৰ পৰা লাখ লাখ টক আত্মসাৎ কৰে। আৰু এদিন ছৌদী আৰৱলৈ কামৰ সন্ধানত গুছি যায় আব্দুৰ।
বৃহস্পতিবাৰে যুৱকজন ছৌদী আৰৱৰ পৰা হোজাইৰ ঘৰলৈ অহাৰ খবৰ পাই প্ৰেমিকাগৰাকীয়ে লগ ধৰিবলৈ যাওতেই আব্দুৰৰ মাতৃ, ভগ্নী আৰু নবৌৱেকে মিলি গছত বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে দুৰ্ভগীয়া মহিলাগৰাকীক। পিছত স্থানীয় একাংশ লোকে মোৰাঝাৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক।
কিন্তু আৰক্ষীৰ উমান পাই পলায়ন কৰে আব্দুৰ ৰব আৰু আন-আন অভিযুক্ত। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে আব্দুৰ ৰবৰ মাতৃক আটক কৰিবলৈ সক্ষম হয়। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|