প্ৰেম ব্যৰ্থ হোৱাৰ পিছতে অনশনত বহা যেন এতিয়া ট্ৰেণ্ড হৈ পৰিছে । এতিয়া প্ৰতিদিনে বাতৰিৰ শিৰোনামত থাকে এনে ঘটনা । পিছে বহিঃৰাজ্যত নহয়, এইবাৰ এইখন অসমতে সংঘটিত হ'ল এনে এক ঘটনা । এইবাৰ বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত অনশনত বহিল এজন প্ৰেমিক ।

হাইলাকান্দি জিলাৰ লালা থানাধীন শেৰালিপুৰ গাওঁৰ এগৰাকী যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিলে স্থানীয় ভিচিংচা গাঁৱৰ এগৰাকী যুৱতীৰ । যোৱা ৭ বছৰৰ পৰা চলিছিলে এই সম্পৰ্ক । কিন্তু যুৱতীৰ পৰিয়ালে বাহাৰুলৰ পৰিবৰ্তে তেওঁৰ বিয়া ঠিক কৰিলে অন্য ঠাইত । ৭ বছৰ পুৰণি প্ৰেম ব্যৰ্থ হোৱাত অৱশেষত উপায়ন্তৰ হৈ অনশনৰ পথ বাছি ললে প্ৰেমিক বাহাৰুলে ।
ৰাজনৈতিক নেতাৰ নিচিনা হাতত প্লেকাৰ্ডলৈ হাইলাকান্দি জিলাৰ আব্দুল্লাপুৰ আৰক্ষী চকীৰ সম্মুখতে অনশনত বহিল বাহাৰুল ইচলাম । ৭ বছৰৰ প্ৰেম ওভতাই দিয়াৰ বাবে বাহাৰুলৰ এই অভিনব প্ৰতিবাদ । কিন্তু কিছু সময়ৰ পিছতে আৰক্ষীৰ ৰঙা চকু দেখি অনশনস্থলীৰ পৰা পলাবলগীয়া হয় ব্যৰ্থ প্ৰেমিক বাহাৰুল ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|