নিজৰ নাম-পৰিচয় গোপন কৰি এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই অৱশেষত পলুৱাই লৈ গ’ল মুস্তাফা হুছেইন নামৰ এজন বিবাহিত যুৱকে। বুধবাৰে নলবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰতাৰক মুস্তাফাক।
উল্লেখ্য যে, মুস্তাফা হুছেইনৰ ঘৰ নলবাৰীত। এটা সন্তানৰ পিতৃ, যুৱকজনে দেৱ বৰ্মনৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি বৰপেটাৰ বামনা গাঁৱৰ এগৰাকী দুখীয়া পৰিয়ালৰ ছোৱালীৰ সৈতে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক ৷ নলবাৰীৰ অতুল বৰ্মন আৰু বুলু বৰ্মনৰ পুত্ৰ বুলি পৰিচয় দি মুস্তাফাই যুৱতীজনীৰ ঘৰলৈ আহি আনকি বিৱাহৰ প্ৰস্তাৱো দিছিল ৷
কিন্তু পিছত ঘৰৰ মানুহে ছোৱালীজনীক পচন্দ নকৰে বুলি কৈ যোৱা নৱেম্বৰ মাহত মুস্তাফাই ছোৱালীজনীক পলুৱাই লৈ যায় ৷ আনকি পৰিয়ালৰ অমতত বিয়া কৰোৱাৰ বাবে ঘৰলৈ যাব নিদিয়া বুলি কৈ মুস্তাফাই গুৱাহাটীৰ ভাড়াঘৰত ৰাখিছিল যুৱতীগৰাকীক ৷
শেহতীয়াকৈ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে দেৱ বৰ্মনৰ প্ৰকৃত পৰিচয় জানিব পাৰি বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰে। লগে লগে আৰক্ষীয়ে অনুসন্ধান চলাই যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে মুস্তাফা হুছেইনক আটক কৰিবলৈ সক্ষম হয় ৷
মুস্তাফাই শেহতীয়াভাৱে ‘গুৰু ভাই’ নামেৰে আন এটা ফেচবুক একাউণ্ট চলাই থকা বুলিও জানিব পৰা গৈছে ৷ ইপিনে, বিবাহিত মুস্তাফাৰ আছে এটা ৫ বছৰীয়া সন্তান৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|