লাভ জেহাদ! প্ৰতাৰণা আৰু হত্যা!

News18-Assam
Updated:August 6, 2019, 10:43 PM IST
লাভ জেহাদ! প্ৰতাৰণা আৰু হত্যা!
সমগ্ৰ ঘটনা পোহৰলাৈ অহাৰ পিছত আজি অৱশেষত আদালতত আত্মসমৰ্পণ কৰিলে জুৱেল খান নামৰ লম্পটটোৱে

সমগ্ৰ ঘটনা পোহৰলাৈ অহাৰ পিছত আজি অৱশেষত আদালতত আত্মসমৰ্পণ কৰিলে জুৱেল খান নামৰ লম্পটটোৱে

  • Share this:
লাভ জেহাদৰ বলি হৈ মৃত্যুক আকোৱালি ল’লে সুস্মিতা ৰাজবংশী নামৰ এগৰাকী যুৱতীয়ে। জুৱেল খান নামৰ এগৰাকী মুছলমান যুৱকে ফেচবুকত হিন্দু যুৱকৰ নামত একাউণ্ট খুলি প্ৰথমে প্ৰেমৰ জালত পেলাইছিল সুস্মিতাক। পিছত বিভিন্ন ভয় ভাবুকিৰ মাজেৰে বিয়া কৰোৱাই হত্যা কৰে সুস্মিতা ৰাজবংশীক।

যৌতুকৰ বাবে নিজ পত্নী সুস্মিতা ৰাজবংশীক শাৰীৰিক নিৰ্যাতন চলাই অৱশেষত হত্যা কৰিলে জুৱেল খান নামৰ এটা লম্পটে। উল্লেখযোগ্য যে ২৬ জুলাইত হাতীগাঁৱৰ অনুপম নগৰৰ ভাৰাঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল সুস্মিতা ৰাজবংশী খান নামৰ মহিলাগৰাকীৰ মৃতদেহ। স্বামীৰ পৰিয়ালে ২৭ জুলাইত জানাজা সম্পন্ন কৰিছিল মহিলা গৰাকীৰ। কিন্তু মহিলা পিতৃ পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল সুস্মিতাৰ স্বামী জুৱেল খানে পৰিকল্পিতভাৱে হত্যা কৰিছিল পত্নীক। সেই অভিযোগ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল জুৱেলক। কালি আৰক্ষীয়ে ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে সিজুৱাৰীৰ কবৰস্থানৰ পৰা সুস্মিতাৰ মৃতদেহ খান্দি উলিয়াই মৰনোত্তৰ পৰীক্ষা কৰাৰ পিছতে প্ৰকৃত ৰহস্য পোহৰলৈ আহে।



 

কিন্তু মহানগৰ আৰক্ষীৰ অকৰ্মন্যতাৰ সুযোগ লৈ আদালতলৈ নিয়াৰ সময়তে আৰক্ষীৰ বাহনৰ পৰাই পলায়ন কৰিছিল কয়দী জুৱেলে। ৩১ জুলাইত আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল কয়দী জুৱেলখান। পত্নী হত্যাৰ গোচৰত অভিযুক্ত জুৱেলৰ পলায়নৰ পিছতে আদালতে জুৱেলৰ পত্নীৰ মৃতদেহ খান্দি উলিয়াই পুনৰ তদন্ত নিৰ্দেশ দিয়ে। সেই নিৰ্দেশৰ ভিত্তিত দণ্ডাধীশৰ উপস্থিতিত সুস্মিতাৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিয়াব আৰক্ষীয়ে। ইফালে হাস্যকৰ কথাটো হ'ল গুৱাহাটীৰ মাজমজিয়াত আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰা কয়দীটোৰ ৬ দিনে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে মহানগৰ আৰক্ষীয়ে।

সমগ্ৰ ঘটনা পোহৰলাৈ অহাৰ পিছত আজি  অৱশেষত আদালতত আত্মসমৰ্পণ কৰিলে হাতীগাঁও আৰক্ষীৰ পৰা পলায়ন কৰা জুৱেল খান নামৰ লম্পটটোৱে।
First published: August 6, 2019, 10:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading