চৌদিশে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপ কৰা কৰ কিছু হ্ৰাস কৰিছে যদিও এতিয়া ৯০ৰ ঘৰতে আছে প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলৰ দাম। ঠায়ে ঠায়ে এতিয়াও প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১০০ টকাৰ ওপৰত। তেনে সময়তে এইবাৰ মূল্যবৃদ্ধিক উপলক্ষ কৰি ৰাজ্যত আয়োজন কৰা হৈছে অভিনৱ লটাৰী খেল। মাত্ৰ ৩০ টকাতে উপলব্ধ ৩০ লিটাৰ পেট্ৰ'ল। সেইদৰে ৩০ টকাত উপলব্ধ হৈছে ২০ লিটাৰ ডিজেল।
বঙাইগাওঁ জিলাৰ বৰপথাৰ গাঁৱৰ কেইজনমান যুৱকে আয়োজন কৰিছে বিশেষ লটাৰী খেল। আৰু লটাৰী খেলৰ পুৰষ্কাৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। খেলখনৰ পুৰষ্কাৰ অনুসৰিঃ
৩০ লিটাৰ পেট্ৰ'ল, ২০ লিটাৰ ডিজেল, ১০ লিটাৰ মিঠাতেল, ৫ লিটাৰ ৰিফাইন, ৫০ কিলোগ্ৰাম চাউল, ৫ কিলোগ্ৰাম মচুৰ দাইল, ১০ কিলোগ্ৰাম আটা, ২৫ কেজি আলু, ২০ কেজি পিঁয়াজ, এটা ভৰ্তি ৰন্ধন গেছৰ চিলিণ্ডাৰ ইত্যাদি।
ইতিমধ্যে এই লটাৰী খেলখনে অঞ্চলজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। বহুলোকে সঁহাৰি জনোৱাও পৰিলক্ষিত হৈছে।