অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই বঙাইগাঁৱৰ বৰপথাৰত আয়োজন কৰা হৈছে এই লটাৰী খেলখন ৷
অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই বঙাইগাঁৱৰ বৰপথাৰত আয়োজন কৰা হৈছে এই লটাৰী খেলখন ৷
এখন ব্যতিক্ৰমী লটাৰী খেল ৷ লটাৰী খেলখনত আগবঢ়োৱা হৈছে ব্যতিক্ৰমী পুৰস্কাৰ ৷ খেলত নাই কোনো বিলাসী বাহন নতুবা দামী পুৰস্কাৰ, য'ত পুৰস্কাৰ হিচাপে পাব পেট্ৰ'ল- ডিজেলৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় ঘৰুৱা বিভিন্ন সা-সামগ্ৰী ৷ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই বঙাইগাঁৱৰ (Bongaigaon) বৰপথাৰত আয়োজন কৰা হৈছে এই লটাৰী খেলখন ৷
শেহতীয়াভাৱে অত্যধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক জুৰুলা কৰি তুলিছে ৷ বৰপথাৰ গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, আগন্তুক ঈদ উদযাপনক লৈ সমস্যাত পৰিবলগীয়া হৈছে তেওঁলোক। মূল্যবৃদ্ধিয়ে লোকসকলোক আৰ্থিকভাৱে জুৰুলা কৰি পেলোৱাৰ ফলত সমূহিয়াভাৱে ঈদ উদযাপন কৰিবলৈ গৈ সমস্যাত পৰিলগীয়া হৈছে ৷ গাঁওখনৰ অধিকাংশ লোকে দিন হাজিৰ কৰি চলি থকাৰ বাবে সকলোৱে বৰঙণি আগবঢ়োৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়।
এই পৰিস্থিতিৰ বাবে স্থানীয় যুৱকসকলে আলোচনা কৰি এখন লটাৰী (Lottery )খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় ৷ মূল্যবৃদ্ধিৰ প্ৰতিবাদ হিচাপে আয়োজিত খেলখনত প্ৰথম পুৰস্থাৰ হিচাপে আছে ৩০ লিটাৰ পেট্ৰল, দ্বিতীয় পুৰস্কাৰত আছে ২০ লিটাৰ ডিজেল। প্ৰতিখন টিকটৰ মূল্য ৩০ টকা নিৰ্ধাৰণ কৰা লটাৰী খেলখনত মিঠাতেল , আদা , জলকীয়া , দাইল , চাউলৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় সকলো ঘৰুৱা সামগ্ৰী আগবঢ়োৱা হ'ব ৷ ৪৮০০ খন টিকটৰ এই খেলখন আগন্তুক ঈদৰ পূৰ্বে অহা ৮ জুলাইত অনুষ্ঠিত হ’ব ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|