যোৱা বছৰৰ পূৰ্বে মহাবাহু বহ্মপুএত লতাশীল আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৪২টাকৈ হিন্দু দেৱ দেৱীৰ মূৰ্তি৷ যোৱা বছৰৰ পূৰ্বে মহাবাহু বহ্মপুএত লতাশীল আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৪২টাকৈ হিন্দু দেৱ দেৱীৰ মূৰ্তি৷ আচৰিত! কি যে ঘটনা নঘটে এইখন অসমত! কেতিয়াবা যদি আৰক্ষীৰ জিম্মাৰ পৰা কয়দীয়ে পলায়ন কৰে, কেতিয়াবা আকৌ থানাৰ ভিতৰতে আৰক্ষীক প্ৰহাৰ কৰে অপৰাধীয়ে। মুঠতে প্ৰায়ে বিভিন্ন আচৰিত ঘটনাৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ চৰ্চাত থাকে অসম আৰক্ষী ৷
শেহতীয়াকৈ এইখন অসমৰে আৰক্ষীৰ-লক আপত থাকিব লগীয়া হ’ল ভগৱান কৃষ্ণ! যোৱা বছৰৰ পূৰ্বে মহাবাহু বহ্মপুত্ৰৰ পৰা লতাশীল আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৪২টাকৈ হিন্দু দেৱ দেৱীৰ মূৰ্তি৷ সেই সময়তে ঘটনাস্থলীত উপস্থিত হৈ মূৰ্তি কেইটা উদ্ধাৰ হোৱা ৰহস্য ফাদিল কৰাৰ প্ৰতিশ্ৰুতি দিছিল নৱনিযুক্ত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷
কিন্তু সেই মূৰ্তি উদ্ধাৰৰ ৰহস্য আজিও ফাদিল নহ’ল ৷ তাৰ পৰিৱৰ্তে বিগত এটা বছৰে লতাশীল থানাৰ লকআপতে থাকিল মূৰ্তিবোৰ ৷ এনেদৰে ভগৱানৰ মূৰ্তি লক আপত পৰি থাকিবলগীয়া হোৱাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by: Himangshu Bhuyan
First published: November 07, 2020, 14:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|