• Home
  • »
  • News
  • »
  • assam
  • »
  • Sivasagar : নামী-দামী বিপণিৰ কাণ্ড, ৩৯৯ টকীয়া চেণ্ডেলত ৪৯৯ টকাৰ ষ্টিকাৰ, দুৰ্গোৎসৱৰ বতৰত সামগ্ৰী কিনিবলৈ যাওঁতে লুণ্ঠন গ্ৰাহকক

Sivasagar : নামী-দামী বিপণিৰ কাণ্ড, ৩৯৯ টকীয়া চেণ্ডেলত ৪৯৯ টকাৰ ষ্টিকাৰ, দুৰ্গোৎসৱৰ বতৰত সামগ্ৰী কিনিবলৈ যাওঁতে লুণ্ঠন গ্ৰাহকক

'বাটা' কোম্পানীৰ বিপণিত প্ৰশাসনৰ অভিযান, জব্দ ভুৱা মূল্য নিৰূপিত জোতা–চেণ্ডেল

'বাটা' কোম্পানীৰ বিপণিত প্ৰশাসনৰ অভিযান, জব্দ ভুৱা মূল্য নিৰূপিত জোতা–চেণ্ডেল

'বাটা' কোম্পানীৰ বিপণিত প্ৰশাসনৰ অভিযান, জব্দ ভুৱা মূল্য নিৰূপিত জোতা–চেণ্ডেল

  • Share this:
সমাগত শাৰদীয় দুৰ্গোৎসৱ। ঐতিহাসিক শিৱসাগৰতো বৃদ্ধি পাইছে বিভিন্ন বিপণী অথবা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ সংখ্যা। এনে সময়তে শিৱসাগৰৰ ষ্টেচন চাৰি আলিৰ সমীপৰ বাটা ( BATA) কোম্পানীৰ শ্ব'ৰূমত গ্ৰাহকক ব্যাপক লুণ্ঠন চলোৱাৰ ছবি পোহৰলৈ আহিছে।

ৰাজেশ সিং নামৰ এগৰাকী গ্ৰাহকক ৩৯৯ টকীয়া চেণ্ডেল ভুৱা ষ্টিকাৰ লগাই ৪৯৯ টকাত বিক্ৰী কৰাৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। গ্ৰাহক জনৰ অভিযোগৰ পিছতেই জিলা প্ৰশাসন, Legal Metrology Department  আৰু বিক্ৰী কৰ (sale tax)  বিভাগে অভিযান চলাই " বাটা" বিপণীখনত গ্ৰাহকক ৰামঠগন দি অহাৰ স্পষ্ট প্ৰমাণ লাভ কৰে।

সকলো  স্পষ্ট হৈ পৰাত  গ্ৰাহকক কোম্পানীটোৱে  ঠগি অহা বুলি খোদ স্বীকাৰ কৰে শ্ব'ৰূমটোত কৰ্মৰত কৰ্মচাৰীয়ে। বিপণীখনত বাটা কোম্পানীৰ কেইবাবিধ জোতা- চেণ্ডেলত  নিৰ্ধাৰিত মূল্য তথা বিক্ৰীৰ মূল্যৰ গুৰুতৰ  বিসংগতি পোহৰলৈ আহে। Legal Metrology Department–এ  "BATA" কোম্পানীৰ বিৰুদ্ধে  এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ লগতে ভুৱা মূল্য উল্লেখ থকা কেইবাযোৰ জোতা–চেণ্ডেল জব্দ কৰে।

ইপিনে ব্ৰেণ্ডেড কোম্পানীৰ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ ৰামঠগন খোৱা গ্ৰাহকগৰাকীয়ে গ্ৰাহক সুৰক্ষা আদালততো  গোচৰ তৰাৰ সিদ্ধান্ত লৈছে। কোম্পানীটোৰে জড়িত এটা চক্ৰই সমগ্ৰ অসমতে এনেধৰণৰ কূট-কৌশল অৱলম্বন কৰি গ্ৰাহকক লুণ্ঠন চলোৱাৰ সন্দেহ কৰা হৈছে।

সেয়ে অসমবাসীৰ  প্ৰতি  প্ৰশাসনিক বিষয়াৰ  আহ্বান - নামী দামী বিপনী দেখিলেই ভুল নাযাব, সামগ্ৰী ক্ৰয় কৰোঁতে সজাগ আৰু সাৱধান হওক।
Published by:Gautam Barman
First published: