আজি বিশ্ব হস্তী দিৱস, মনত আছেনে বিজুলী প্ৰসাদক?

ভাৰতৰ ভিতৰতে বয়সীয়াল বিজুলী প্ৰসাদ। বন বিভাগেও এতিয়া পাহৰিলে বিজুলী প্ৰসাদক !

News18-Assam
Updated:August 12, 2019, 9:41 PM IST
আজি বিশ্ব হস্তী দিৱস, মনত আছেনে বিজুলী প্ৰসাদক?
ভাৰতৰ ভিতৰতে বয়সীয়াল বিজুলী প্ৰসাদ। বন বিভাগেও এতিয়া পাহৰিলে বিজুলী প্ৰসাদক !
News18-Assam
Updated: August 12, 2019, 9:41 PM IST
নিলয় ভট্টাচাৰ্যঃ শতবৰ্ষ গৰকাৰ পথত ‘বিজুলী প্ৰসাদ’। বগা চাহাবৰ ৰাজ আতিথ্য লাভ কৰা দেশৰ ভিতৰতে বয়স্ক হাতীটোৰ নামেই বিজুলী প্ৰসাদ। বিজুলীয়ে বহন কৰিছে বৃটিছ উপনিবেশৰ সাক্ষ্য। সম্প্ৰতি বিহালী চাহ বাগিছাৰ বাসিন্দা বিজুলী। ৮০ বছৰ পূৰ্বে উইলিয়ামছন মেগৰ টি কোম্পানীয়ে ক্ৰয় কৰিছিল হাতীটো।



বৃটিছ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী ।মেগৰ কোস্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোস্পানীটোৰ আভিজাত্যৰ প্ৰতীক ।



বিজুলীৰ খাদ্যৰ তালিকাত আছিল প্ৰতিদিনে ২৫ কেজি চাউল,  সম পৰিমাণৰ গোমধান আৰু বুটমাহ আৰু সপ্তাহত কেইবাগাড়ীও কলগছ ।



বিজুলী প্ৰসাদক পৰিচৰ্যাৰ বাবে বৃটিছ অলিভাৰ চাহাবে নিয়োগ কৰিছিল কেইবাজনো কৰ্মচাৰী।  প্ৰতি মাহৰ ১ তাৰিখে হৈছিল বিজুলী প্ৰসাদৰ শৰীৰৰ ওজন পৰীক্ষা। নিয়মিত চলিছিল বিজুলীৰ স্বাস্থ্য পৰীক্ষা। পিছে এতিয়া ,অৱহেলিত ,দেশৰ ভিতৰতে বয়স্ক হাতীৰ খিতাপ পোৱা ,উইলিয়ামছন মেগৰ কোম্পানীৰ মৰমৰ বিজুলী প্ৰসাদ।
আৰু চাওক পৰৱৰ্তী বাতৰি