মুখ্যপৃষ্ঠা »খবৰ »অসম »২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদৰ পৰ্যবেক্ষক নিযুক্তি ! কোনে ক'ত পালে নিযুক্তি ?

২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদৰ পৰ্যবেক্ষক নিযুক্তি ! কোনে ক'ত পালে নিযুক্তি ?

লোকসভা নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদৰ ৰণকৌশল ! ১১ লোকসভা সমষ্টিত পৰ্যবেক্ষক নিযুক্তি AJPৰ ...

লোকসভা নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদৰ ৰণকৌশল ! ১১ লোকসভা সমষ্টিত পৰ্যবেক্ষক নিযুক্তি AJPৰ ...

লোকসভা নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদৰ ৰণকৌশল ! ১১ লোকসভা সমষ্টিত পৰ্যবেক্ষক নিযুক্তি AJPৰ ...

  • Share this:
আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল ৷ আন আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদে ৰণকৌশল লৈ আৰম্ভ কৰিছে প্ৰস্তুতি ৷

বৃহস্পতিবাৰে ৰাজ্যৰ ১৪ সংসদীয় সমষ্টিৰ ১১ টা লোকসভা সমষ্টিত দলীয় পৰ্যবেক্ষক নিযুক্ত প্ৰদান কৰে ৷ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ দ্বাৰা স্বাক্ষৰিত দলীয় অধিসূচনা মতে, ডিব্ৰুগড় সমষ্টিত ৰাজু ফুকনে তত্বাৱধায়ক আৰু সঞ্জয় দেব তথা শোভাকৰণ কোহাঞিয়ে সহ-তত্বাধায়ক হিচাপে দায়িত্ব ৷ একেদৰে লক্ষীমপুৰ সমষ্টিত তত্বাৱধায়ক মাণিক গগৈ, সহ-তত্বাৱধায়ক কাষ্টম বসুমতাৰী আৰু দীপ পেগু ৷ যোৰহাট সমষ্টিত তত্বাৱধায়ক অনুপ ফুকন, সহ-তত্বাৱধায়ক ডঃ দিলীপ ভূঞা, কলিয়াবৰ সমষ্টিত তত্বাৱধায়ক বাণী দাস আৰু সহ-তত্বাৱধায়ক মৌচুমী শৰ্মা, নগাঁও সমষ্টিত তত্বাৱধায়ক জিয়াউৰ ৰহমান আৰু সহ-তত্বাৱধায়ক সঞ্জীৱ কুমাৰ বৰা, মঙলদৈ সমষ্টিত তত্বাৱধায়ক অঞ্জন উপাধ্য়ায় আৰু সহ-তত্বাৱধায়ক হুকুম চান আলী বক্সি, তেজপুৰ সমষ্টিত তত্বাৱধায়ক জান বৰা আৰু সহ-তত্বাৱধায়ক অজয় তাঁতী, গুৱাহাটী সমষ্টিত তত্বাৱধায়ক চমছেৰ সিং আৰু সহ-তত্বাৱধায়ক পঙ্কজ লোচন গোস্বামী, বৰপেটা সমষ্টিত প্ৰিন্স ফাইজল হক তত্বাৱধায়ক আৰু গিৰীণ তালুকদাৰ সহ-তত্বাৱধায়ক, ধুবুৰী সমষ্টিত তত্বাৱধায়ক দুলু আহমেদ আৰু শিশিৰ দেব কলিতা সহ-তত্বাৱধায়ক, কোকৰাঝাৰ সমষ্টিত মানিক বড়ো তত্বাধায়ক আৰু ৰূপম দাস সহ-তত্বাৱধায়ক হিচাপে দায়িত্ব প্ৰদান ৷ উক্ত পৰ্যবেক্ষকক এসপ্তাহৰ ভিতৰত সাংগঠনিক সভা আহ্বান কৰি সমষ্টিসমূহত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ নিৰ্দেশ দলীয় নেতৃত্বৰ ৷

শেহতীয়া বাতৰি