বলে নোৱাৰা শিলক পৰি নমস্কাৰ BJPৰ ৷ বিজেপিয়ে নোৱাৰা শিলৰ সতে যুজিব AGP ৷ ২৪ ৰ লোকসভা নিৰ্বাচনলৈ মাজত সম্পূৰ্ণ এবছৰ বাকী ৷ এবছৰ বাকী থকা অৱস্থাত ধুবুৰী লোকসভা সমষ্টিক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অসহায় মন্তব্য ৷
মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মতে আগন্তুক লোকসভা নিৰ্বাচনত ১৪- ২ ৰ লক্ষ্য বিজেপিৰ ৷ অৰ্থাৎ ১২ খন আসন লাভৰ লক্ষ্য ৷ - ২ ৰ ১ নম্বৰ স্থানত ধুবুৰী লোকসভা সমষ্টি ৷ যত ধুবুৰী সমষ্টিটোত বিজেপি অথবা মিত্ৰজোটৰ কোনো প্ৰাৰ্থী সমষ্টিটো জয়ৰ সম্ভাৱনা নাই ৷ সেয়ে সমষ্টিটোক লৈ কোনো নিৰ্বাচনী অংক নাই ৷ তেনে সময়ত অযথা ৰণকৌশল তৈয়াৰ কৰি সময় ব্যয় কৰাৰ পৰিবৰ্তে অগপক এৰি দিব সমষ্টিটোত ৷ যত সাপো নমৰক আৰু লাঠিও নাভাঙক নীতি বিজেপিৰ ৷ সেয়া হ'লে মিত্ৰজোটক আসন এৰি দিয়া নীতিত অটল থাকিব বিজেপি ৷ মন্ত্ৰী হাজৰিকাৰ স্পষ্ট ইংগিত সমষ্টিটোত হয় কংগ্ৰেছ নহয় AIUDF জয় হোৱাটো নিশ্চিত ৷ তেনে সময়ত সমষ্টিটোক কোনোকাৰণত বিজেপিৰ প্ৰাৰ্থী প্ৰদান কৰি পৰাজয়ৰ গ্লানি নলয় ৷ পিছে, ১৪ - ২ ৰ এটা ধুবুৰী যদি আনটো সমষ্টি কোনটো ? সেয়া পিছে স্পষ্ট নহ'ল !
Published by: Kokil Sarma
FIRST PUBLISHED : January 14, 2023, 00:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|