ধুবুৰী সংসদীয় সমষ্টিত একেৰাহে তিনিবাৰকৈ জয়ী হোৱা বদৰুদ্দিন আজমল এইবাৰো আত্মবিশ্বাসীনে? আত্মবিশ্বাসী আজমলক ধুবুৰীত পৰাভূত কৰিবলৈ ৰণত নামিছে কংগ্ৰেছ ৷ যাৰ বাবে আজমলে আৰম্ভ কৰিছে ব্লেকমেইলিঙৰ ৰাজনীতি ৷
ধুবুৰী সংসদীয় সমষ্টিক লৈ আৰম্ভ হৈছে ৰাজনীতিৰ খেল এখন ৷ সমষ্টিটো ১৯৭১ৰ পৰাই দখলত আছিল কংগ্ৰেছৰ ৷ ২০০৯ চনত কংগ্ৰেছৰ হাতৰ পৰা সমষ্টিটো আঁজুৰি আনিছিল বদৰুদ্দিন আজমলে ৷ একেৰাহে তিনিবাৰকৈ সমষ্টিটোত জয়ী হোৱা বদৰুদ্দিন আজমলৰ বাবে ২০২৪ মসৃণ হ'বনে? হয়তো নহ'ব ৷ যি কথাৰ উমান পায়েই বদৰুদ্দিন আজমলে আৰম্ভ কৰিছে ব্লেকমেইলিং ৷ কংগ্ৰেছৰ দখলত থকা তিনি সমষ্টি কলিয়াবৰ, নগাঁও, বৰপেটাত প্ৰাৰ্থী দিব AIUDFএ ৷ ধুবুৰীৰ লগতে কংগ্ৰেছৰ দখলত থকা এই তিনিটা সমষ্টিৰ লগতে কৰিমগঞ্জতো প্ৰাৰ্থী দিয়াৰ ঘোষণা কৰিছে বদৰুদ্দিন আজমলে ৷ ২০১৯ত বুজাবুজিৰে ধুবুৰীত আজমলক জয়ী কৰোৱাৰ স্বাৰ্থত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল কংগ্ৰেছে আৰু কলিয়াবৰত গৌৰৱ গগৈক জয়ী কৰোৱাৰ স্বাৰ্থত বুজাবুজি হৈছিল কংগ্ৰেছ-AIUDFৰ ৷ পিছে এইবাৰ দুয়ো পক্ষই আশ্ৰয় লৈছে ব্লেকমেইলিঙৰ ৷ কংগ্ৰেছে যদি কৈছে আজমলৰ লগত কম্প্ৰ'মাইজ নকৰে ধুবুৰীত; একে সুৰতে আজমলে কৈছে প্ৰাৰ্থী দিব কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ, নগাঁও, বৰপেটাত ৷ ধুবুৰীত ২০১৪ত বদৰুদ্দিন আজমলে পাইছিল ৫,৯২,৫৬৯টা ভোট ৷ কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীয়ে পাইছিল ৩,৬২,৮৩৯টা ভোট ৷ ২০১৯ত কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীক প্ৰক্ষেপৰে বদৰুদ্দিন আজমলক জয়ৰ পথ সহজ কৰি দিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সুচতুৰ ৰাজনীতিয়ে, উদ্দেশ্য আছিল গৌৰৱ গগৈক কলিয়াবৰত জয়ী কৰোৱা ৷ ২০২১ৰ বিধানসভাতো দল দুটাৰ মাজত মিত্ৰতা আছিল ৷ ২০১৯ত কংগ্ৰেছৰ লগত বুজাবুজি কৰি ক্ষতি হৈছিল AIUDFৰ, ২০২১ৰ বিধানসভাত ক্ষতি হ'ল কংগ্ৰেছৰ ৷ বিধানসভাত হোৱা ক্ষতিৰ পিছত কংগ্ৰেছে এক দূৰত্ব বজাই ৰাখি ৰাখি এইবাৰ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাও আৰম্ভ কৰিলে ধুবুৰীৰ পৰাই ৷ লগতে ৰকিবুল হুছেইনৰ দৰে নেতা সমষ্টিটোৰ প্ৰাৰ্থী হ'ব বুলিও চলাইছে ব্যাপক প্ৰচাৰো ৷ যাৰ বাবে স্বাভাৱিকতে ভীতিগ্ৰস্ত বদৰুদ্দিন আজমল আৰু AIUDF...সমষ্টিটোত জয় পৰাজয় আজমলৰ বাবে হ'ব সন্মানৰ যুঁজ ৷ ইফালে কংগ্ৰেছে নিজৰ দখলত ৰাখিব বিচাৰিছে কলিয়াবৰ, বৰপেটা, নগাঁও ৷ তেনে স্থলত দুয়োপক্ষই এই সময়ত লৈছে ব্লেকমেইলিঙৰ ৰাজনীতি ৷ স্পষ্ট কথা কলিয়াবৰ,নগাঁৱত AIUDF জিকিব নোৱাৰিলেও কংগ্ৰেছক পৰাজয়ৰ বাট দেখুৱাব পাৰিব ৷ বৰপেটাত শক্তিশালী যুঁজ দিব পাৰিব AIUDFএ ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী ধুবুৰীত দি দিলে ক'ৰবাত সকলো অংক ওলোটা হ'ব পাৰে আজমলৰ জয়ৰ ক্ষেত্ৰতো ৷ তেনেস্থলত হয়তো এই ব্লেকমেইলিঙৰ ওচৰত কোনোবা এটা পক্ষ বুজাবুজিলৈ আহিব ৷ ২০১৯ত কংগ্ৰেছে ধুবুৰী,কৰিমগঞ্জত প্ৰাৰ্থী নিদিওঁ আৰু AIUDFএ নগাঁও কলিয়াবৰত প্ৰাৰ্থী নিদিওঁ বুলি কৰিছিল বুজাবুজি ৷ বুজাবুজিৰ ভিত্তিত AIUDFএ কথা ৰাখিছিল যদিও প্ৰতাৰণা কৰিছিল কংগ্ৰেছেহে ৷ অৱশ্যে এইবাৰ কি হয় সেয়া সময়েহে ক'ব ৷
Published by: Kokil Sarma
FIRST PUBLISHED : January 31, 2023, 00:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।