EVM বিসংগতিৰ অভিযোগ প্ৰাক্তন DGP হৰেকৃষ্ণ ডেকাৰ

EVMত বুটাম টিপা প্ৰাৰ্থীৰ সলনি ওলাল আন এগৰাকী প্ৰাৰ্থীৰ নাম। VVPAT মেচিনত অন্য এজন প্ৰাৰ্থীৰ নামত শ্লিপ ওলোৱাৰ বাবে আশ্চৰ্য প্ৰকাশ কৰি হৰেকৃষ্ণ ডেকাই সেই ভোট নতুনকৈ ল’বলৈ অনুৰোধ কৰে।

news18assam
Updated:May 3, 2019, 12:22 PM IST
EVM বিসংগতিৰ অভিযোগ প্ৰাক্তন DGP হৰেকৃষ্ণ ডেকাৰ
হৰেকৃষ্ণ ডেকা
news18assam
Updated: May 3, 2019, 12:22 PM IST
মঙলবাৰে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিনটোত অসমৰ প্ৰাক্তন DGP হৰে কৃষ্ণ ডেকাই উত্থাপন কৰা অভিযোগৰ পিছত তোলপাৰ লাগিছে দেশৰ ৰাজনৈতিক মহল আৰু সংবাদ মাধ্যমত। EVMত বুটাম টিপা প্ৰাৰ্থীৰ সলনি ওলাল আন এগৰাকী প্ৰাৰ্থীৰ নাম। VVPAT মেচিনত অন্য এজন প্ৰাৰ্থীৰ নামত শ্লিপ ওলোৱাৰ বাবে আশ্চৰ্য প্ৰকাশ কৰি হৰেকৃষ্ণ ডেকাই সেই ভোট নতুনকৈ ল’বলৈ অনুৰোধ কৰে। কিন্তু ভোটকেন্দ্ৰৰ বিষয়াই এয়া নীতি বিৰুদ্ধ আখ্যা দিয়াত প্ৰাক্তন DGP গৰাকীয়ে ভোটকেন্দ্ৰৰ বিষয়াক ‘ভোট চেলেঞ্জ’ কৰা প্ৰক্ৰিয়া সোধে। তেতিয়া ভোটকেন্দ্ৰৰ বিষয়াই কয় যে ইয়াৰ বাবে ২ টকাসহ এখন কাগজত চহী কৰিব লাগিব যে যি অভিযোগ উত্থাপন কৰিছে সেয়া যদি প্ৰমাণ নহয় তেতিয়া তেওঁৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰাত সন্মতি প্ৰকাশ কৰিছে।


অৰ্থাৎ যদিহে এই অভিযোগ মিছা প্ৰমাণিত ৬ মাহৰ জেল অথবা ১০ হাজাৰ টকাৰ জৰিমনা বা দুয়োটাই হ’ব পাৰে। এয়া অতি বিপদজনক পৰিস্থিতি আৰু মই অভিযোগ নকৰিলো। কোন মানুহে অভিযোগ কৰি জেললৈ যাব বিচাৰিব?

এয়া নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ আৰু বিপদজনক ভাৱে ইয়াক খৰ্ব কৰা হৈছে। এই সাক্ষাৎকাৰত এনেদৰে ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা সাহিত্য অকাডেমী বঁটা বিজয়ী, লেখক, সমালোচক হৰেকৃষ্ণ ডেকাই।


ইভিএম বিসংগতিৰ কথা ইমানদিনে শুনি আছিলো। প্ৰথমবাৰ দেখিলো এয়া সঁচা! মই এটা খুব সন্মানীয় পদত কাৰ্যনিৰ্বাহ কৰাৰ মৰ্যাদা ৰক্ষা কৰি এই কথা কৈছো। খুব বিপজ্জনক পৰিস্থিতি এয়া। হৰেকৃষ্ণ ডেকাই ক্ষোভেৰে কয়।

EVMৰ বিসংগতি সন্দৰ্ভত হৰেকৃষ্ণ ডেকাৰ ভাষ্য:
আৰু চাওক পৰৱৰ্তী বাতৰি