মুখ্যপৃষ্ঠা »খবৰ »অসম »অগপক লোকসভাত সমষ্টি এৰি নিদিব নেকি বীগব্ৰাডাৰ বিজেপিয়ে ?

অগপক লোকসভাত সমষ্টি এৰি নিদিব নেকি বীগব্ৰাডাৰ বিজেপিয়ে ?

সৰ্বানন্দ সোণোৱালৰ পিছত ভৱেশ কলিতাও অগপৰ আশাত ঢালিছে চেঁচা পানী! 

সৰ্বানন্দ সোণোৱালৰ পিছত ভৱেশ কলিতাও অগপৰ আশাত ঢালিছে চেঁচা পানী! 

  • Share this:
২০২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণ নীতিক লৈ বিজেপি আন দলতকৈ বহু খোজ আগত ৷ সেই কথা বিজেপিৰ 'মিছন ১৪৪'ৰ জৰিয়তে ইতিমধ্যে প্ৰমান হৈছে ৷  ইয়াৰ মাজতে, অসমৰ বেলিকা ১৪খন লোকসভা আসনৰ ১২খনত নিজে প্ৰতিদ্বন্দিতা কৰি মিত্ৰদললৈ ২খন আসন এৰাৰ ইংগিত দি মঙলবাৰে বৃহৎ ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷

বিজেপি বিনে যেন গতি নাই আঞ্চলিক দল অসম গণ পৰিষদৰ ৷  বিজেপিৰ বোকোচাত উঠি অস্তিত্ব ৰক্ষাৰ যুঁজ দিছে এতিয়াই অগপই ৷ বীগব্ৰাডাৰ বিজেপিৰ মৰম বিচাৰি হাবু-ডুবু যে অগপই খাইছে সেই কথা অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সোমবাৰে কথা প্ৰসংগত সংবাদ মাধ্যমত কৰা মন্তব্যত প্ৰকাশ পাইছিল ৷ পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৈছিল; অগপক সা-সন্মানেৰে,মৰম দি আগবঢ়াই নিয়াৰ দায়িত্ব বিজেপিৰ ৷ অগপই বিচৰা মৰম বিজেপিয়ে দিব লাগিব ৷ কলিতাৰ এই মন্তব্যৰ পিছতে কথাবোৰ যেন এনেকুৱাহে হৈছে— অগপক মৰম লাগে, মৰম দিব বিজেপিয়ে ৷ অগপক অস্তিত্ব লাগে, বিজেপিয়ে জীয়াই ৰাখিব অগপক ৷ ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপৰ ভৱিষ্যৎ এতিয়া বিজেপিৰ ওপৰতে যে নিৰ্ভৰশীল সেয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ অসহায় স্বীকাৰোক্তিত প্ৰকাশ পোৱাৰ সমানে সমানে বিজেপি সভাপতি ভৱেশ কলিতাৰ তাৎপৰ্যপূৰ্ণ মন্তব্যইও সেই কথাকে যেন ক'লে ৷ কথাৰ মাজতে ভৱেশ কলিতাই কোৱা এইষাৰ কথাই বহু কথাই কৈছে,বিজেপি থকালৈকে অগপ থাকিব ৷এই কথাই কি সুচাইছে! বীগব্ৰাডাৰ বিজেপিয়ে যিদৰে জীয়াই ৰাখিব বিচাৰে সেইদৰেই থাকিব লাগিব অসম গণ পৰিষদ ৷ ভাৰতীয় জনতা পাৰ্টিয়ে যি দিয়ে তাতেই সন্তুষ্ট হ'ব লাগিব অগপ ৷ লোকসভা নিৰ্বাচন প্ৰসংগত ভৱেশ কলিতাই ক'লে, "লোকসভাৰ ১৪খন আসনৰ ১২খন আসনতে প্ৰতিদ্বন্দিতা কৰিম আমি ৷ অকলেই আমি জয়ী হ'ম ১২খনত ৷ বাকী দুখন আসনত মিত্ৰদলক দিয়া নিদিয়াৰ কথা সংগঠনৰ ওপৰত নিৰ্ভৰ কৰিব ৷ মিত্ৰদলৰ সংগঠন ঠিক থাকিলে তেওঁলোকক সেই সমষ্টি দি আমি তাত সহায় কৰিম ৷"অৰ্থাৎ বীগব্ৰাডাৰ বিজেপিয়ে ২০১৯ত অগপক কলিয়াবৰ,বৰপেটা, ধুবুৰী এৰি দিয়াৰ দৰে এইবাৰ তিনিটা সমষ্টি এৰি দিয়াৰ একেবাৰেই সম্ভাৱনা নাই ৷ তেনেস্থলত অগপই আশা কৰি থকা কলিয়াবৰ সমষ্টিটোক লৈও আহি পৰিছে বৃহৎ প্ৰশ্ন ৷ ভৱেশ কলিতাই মঙলবাৰে কৰা মন্তব্য, কলিয়াবৰ আৰু বঙাইগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা মন্তব্যই ধুসৰ কৰি তুলিছে কলিয়াবৰ,বৰপেটাত অগপৰ প্ৰাৰ্থী প্ৰক্ষেপ ৷ বাকী থাকিল মাথোঁ ধুবুৰী আৰু কোকৰাঝাৰ ৷ বিজেপিয়ে ধুবুৰীক লৈ বৰ বিশেষ যে মূৰ মাৰিছে সেয়া এই মুহূৰ্তত বৰকৈ প্ৰতিফলিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত অগপৰ বাবে নিচুকণি হিচাপে থাকিব পাৰে ধুবুৰীহে ৷ কাৰন বিজেপিয়ে AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰাৰ্থী দি কলিয়াবৰ,বৰপেটা,মঙলদৈ,নগাঁও,কৰিমগঞ্জ আসনত জোঁট বঢ়াবলৈ নিবিচাৰিব ৷ বিজেপিয়ে সেয়ে স্পষ্টই কৰি দিব বিচাৰিছে অগপক, ৰাজ্যসভাত দিয়া হৈছে লোকসভাত বেছি আশা নকৰাই ভাল বুলি ৷ এয়াই এতিয়া অসমৰ ৰাজনীতিত অগপৰ অৱস্থা ৷ বিজেপিক ইয়াত দোষাৰোপ কৰাৰ কিবা থল থাকিব নেকি অগপৰ? থকাৰ অৱকাশো বিশেষ নাই কাৰন বিজেপিয়ে সংগঠন কৰিছে ৷ সংগঠনৰ শক্তিৰেই এসময়ত অস্তিত্বহীন বিজেপিয়ে আজি দেশত, ৰাজ্যত শাসন কৰিছে ৷ আৰু অগপই? বিচাৰ অসমৰ ৰাইজলৈ ৷

শেহতীয়া বাতৰি