মুখ্যপৃষ্ঠা »খবৰ »অসম »গৌৰৱ গগৈক পৰাজিত কৰিবলৈ কংগ্ৰেছতে আছে ঘৰশত্ৰু বিভীষণ: AIUDF

গৌৰৱ গগৈক পৰাজিত কৰিবলৈ কংগ্ৰেছতে আছে ঘৰশত্ৰু বিভীষণ: AIUDF

কলিয়াবৰ সমষ্টিটোৰ পৰা দুবাৰকৈ সংসদলৈ যোৱা গৌৰৱ গগৈৰ সন্মুখত এইবাৰ বহুকেইটা প্ৰত্যাহ্বান আছে ৷ যিদৰে প্ৰত্যাহ্বান আছে ঠিক একেদৰে এইবাৰ ইতিবাচক ইংগিতো আছে গৌৰৱ গগৈৰ বাবে ৷

কলিয়াবৰ সমষ্টিটোৰ পৰা দুবাৰকৈ সংসদলৈ যোৱা গৌৰৱ গগৈৰ সন্মুখত এইবাৰ বহুকেইটা প্ৰত্যাহ্বান আছে ৷ যিদৰে প্ৰত্যাহ্বান আছে ঠিক একেদৰে এইবাৰ ইতিবাচক ইংগিতো আছে গৌৰৱ গগৈৰ বাবে ৷

  • Share this:
এফালে বিজেপিৰ টাৰ্গেট গৌৰৱ গগৈ আৰু আনফালে পৰিৱৰ্তিত সময় ৷ তাৰ পিছতো কিন্তু ডেমকেয়াৰ গৌৰৱ গগৈ আৰু আত্মবিশ্বাসী কংগ্ৰেছ ৷ কলিয়াবৰ সমষ্টিটোৰ পৰা দুবাৰকৈ সংসদলৈ যোৱা গৌৰৱ গগৈৰ সন্মুখত এইবাৰ বহুকেইটা প্ৰত্যাহ্বান আছে ৷ যিদৰে প্ৰত্যাহ্বান আছে ঠিক একেদৰে এইবাৰ ইতিবাচক ইংগিতো আছে গৌৰৱ গগৈৰ বাবে ৷ গৌৰৱ গগৈৰ কাষত এই নিৰ্বাচনত নাই তেওঁৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ ২০১৪ আৰু ২০১৯ৰ দুয়োটা নিৰ্বাচনতে নিজ পুত্ৰক অকল আশীৰ্বাদেই নহয় সুচতুৰ ৰাজনৈতিক মন্ত্ৰণাৰে সন্মুখৰ পৰা জয়ৰ পথ দেখুৱাইছিল ৰাজনীতিৰ মহীৰূহ তৰুণ গগৈয়ে ৷ ২০১৯ত গৌৰৱ গগৈৰ জয়ৰ বাবেই এসময়ত হু ইজ বদৰুদ্দিন আজমল বুলি কোৱা আজমলৰ সৈতে বুজাবুজি কৰিছিল প্ৰয়াত মুখ্যমন্ত্ৰী গগৈয়ে ৷ পিছে এইবাৰ কায়িকভাৱে কাষত নাথাকিব পিতৃ তৰুণ গগৈ আৰু তৰুণ গগৈৰ শক্তিশালী ৰাজনৈতিক মন্ত্ৰণা ৷

দ্বিতীয়তে এইবাৰ সমষ্টিটোত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে বদৰুদ্দিন আজমলৰ AIUDFএ ৷ এই সমষ্টিটোত AIUDF অন্যতম এক ফেক্টৰ হ'ব পাৰে গৌৰৱ গগৈৰ বাবে ৷  কলিয়াবৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত ২০১৪তে AIUDFৰ প্ৰাৰ্থী বিজয় কুমাৰ তিৰুৱে পাইছিল ২,৩১,২৯৫টা ভোট ৷ ২০১৯ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰণনীতিত কলিয়াবৰত প্ৰাৰ্থীয়েই প্ৰক্ষেপ কৰা নাছিল AIUDFএ ৷ যাৰ পৰিপ্ৰেক্ষিতত সুগম হৈছিল গৌৰৱ গগৈৰ দিল্লী যাত্ৰা ৷ বৰ্তমানৰ হিচাপ নিকাচ চালে সংখ্যালঘুৰ ভোট বিভাজন হোৱা মানেই বিপদ নিশ্চিত গৌৰৱ গগৈৰ ৷ "চাওক আমাৰ দল গঠন হৈছিল ২০০৫চনত ৷ দল গঠনৰ পিছৰে পৰা প্ৰতিটো নিৰ্বাচনত আমি ভাল ফলাফল পাইছোঁ ৷ লোকসভাত আমি তিনিখন পৰ্যন্ত আসনত জয়ী হৈছোঁ ৷ কলিয়াবৰৰ দৰে সমষ্টিত আমি দ্বিতীয় স্থান দখল কৰিছোঁ ৷ আমি দ্বিতীয় স্থানত থকা সমষ্টিবোৰত প্ৰাৰ্থী দিবলৈ নিশ্চয় বিচাৰিম ৷ কলিয়াবৰত আমি প্ৰাৰ্থী দিয়াৰ কথা বিবেচনা কৰিম ৷ ব্যক্তিগতভাৱে মই দলৰ মজিয়াত বিষয়টো আনিম ৷ কিন্তু, মোৰ বোধেৰে কংগ্ৰেছৰে একাংশই গৌৰৱ গগৈক পৰাজিত কৰাৰ বাবে বিজেপিক সহায় কৰিব ৷ নিজৰ দলৰ মানুহেই হৰুৱাব গৌৰৱ গগৈক ৷ গৌৰৱ গগৈ তৰুণ গগৈৰ দৰে পৰিপক্কও নহয় ৷ গতিকে গৌৰৱ গগৈৰ বাবে কথাবোৰ সহজ নহ'ব ৷"— এইদৰে ক'লে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে

একেদৰে সমষ্টিটোত আছে গৌৰৱ গগৈক পৰাজিত কৰিব পৰাকৈ চৰকাৰৰ তিনিগৰাকীকৈ কেবিনেট মন্ত্ৰীও ৷ হয় ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ তিনি মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু অজন্তা নেওগ আছে কলিয়াবৰ লোকসভাত ৷ এই তিনি মন্ত্ৰীয়েও মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থীকে জয়ী কৰোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব ৷ কিন্তু ইয়াৰ পিছতো গৌৰৱ গগৈৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণে আনিব ভাল খবৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিব পাৰে বিজেপিৰ ৰণনীতি ৷ খেলিমেলি লগাব গেৰুৱা বাহিনীৰ অংকত ৷ কাৰণ ১লাখ ২৬হাজাৰ সংখ্যালঘুৰ ভোট থকা লাহৰীঘাট সোমাব কলিয়াবৰ লোকসভাত ৷ কিন্তু বিজেপিৰ দাবী কলিয়াবৰ এইবাৰ হ'ব বিজেপিৰ, "কলিয়াবৰ আমাৰ হ'বই তাত সন্দেহৰ অৱকাশেই নাই ৷ আনকি মই আজি যি ঠাইত আছো সেই সমষ্টিতেই আমি জয়ী হোৱাৰ সম্ভাৱনা দেখিছোঁ ৷"— ধুবুৰীত পৰীক্ষা পে' চৰ্চা অনুষ্ঠানৰ পিছত ক'লে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

গৌৰৱ গগৈক সকলোৱে টাৰ্গেট কৰিলেও আত্মবিশ্বাস কমা নাই কংগ্ৰেছৰ ৷ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ বক্তব্য আছিল এনেধৰণৰ,  "কাক টাৰ্গেট কৰিছে বিজেপিয়ে? গৌৰৱ গগৈক কৰিছে ৷ কিয় কৰিছে ? বিজেপিয়ে জানে কলিয়াবৰত জয়ী হোৱা সম্ভৱ নহয় ৷ কলিয়াবৰত গৌৰৱ গগৈয়েই জয়ী হ'ব ৷"

শেহতীয়া বাতৰি