মুখ্যপৃষ্ঠা »খবৰ »অসম »Lok Sabha Election 2024: ২০২৪ত ১৪ খন আসনৰ কোনে কিমান দখল কৰিব? আসনৰ অংকৰ টনা-আঁজোৰাত BJP-কংগ্ৰেছ

Lok Sabha Election 2024: ২০২৪ত ১৪ খন আসনৰ কোনে কিমান দখল কৰিব? আসনৰ অংকৰ টনা-আঁজোৰাত BJP-কংগ্ৰেছ

মন্ত্ৰী সিংহলৰ দৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ উঠিল বিধায়ক দিগন্ত কলিতা

মন্ত্ৰী সিংহলৰ দৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ উঠিল বিধায়ক দিগন্ত কলিতা

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিংহলে ক'লে- "এতিয়া ক'তো নাই কংগ্ৰেছ ৷ সংবাদ মাধ্যমে তিনিমাহ বাতৰি কৰিবলৈ এৰিলে— ৰাইজে পাহৰি যাব কংগ্ৰেছক ৷"

  • Share this:
BJPক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হোৱা দহটা দলক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসকীয় BJPয়ে ৷ মঙলবাৰে মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমে বাতৰি কৰিবলৈ এৰিলে তিনি মাহতে কংগ্ৰেছক ৰাইজে পাহৰিব বুলি দাবী কৰিলে ৷ লগতে যোগ দিলে বিধায়ক দিগন্ত কলিতায়েও ৷

বিগত সপ্তাহত একত্ৰিত হৈছিল কংগ্ৰেছৰ নেতৃত্বত দহটা দলৰ নেতাসকল ৷ অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ, অজিত কুমাৰ ভূঞাকে প্ৰমুখ্যে কৰি দহটা দলৰ নেতৃত্ব একেলগে বহি শাসকীয় BJPৰ বিৰুদ্ধে আৰম্ভ কৰিছিল ৰণ কৌশল ৷ ইয়াৰ পিছতে শাসকীয় পক্ষ সৰৱ হৈ উঠিছে কংগ্ৰেছ আৰু কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হোৱা দলকেইটাৰ বিৰুদ্ধে ৷ মঙলবাৰেও সৰৱ হৈ উঠিল মন্ত্ৰী অশোক সিংহল ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিংহলে ক'লে- "এতিয়া ক'তো নাই কংগ্ৰেছ ৷ সংবাদ মাধ্যমে তিনিমাহ বাতৰি কৰিবলৈ এৰিলে— ৰাইজে পাহৰি যাব কংগ্ৰেছক ৷"

মন্ত্ৰী সিংহলৰ দৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ উঠিল বিধায়ক দিগন্ত কলিতা ৷ দিগন্তৰ দাবী— "লোকসভাৰ নিৰ্বাচনত ১২ আসন দখলৰ সপোন দেখিছে কংগ্ৰেছে ৷" বিধায়ক দিগন্ত কলিতাই লোকসভাৰ নিৰ্বাচনত ১২ খন BJPয়ে আৰু কংগ্ৰেছে এখনো নাপাই বুলি দাবী কৰিলে ৷ দাবী কৰিলে— কংগ্ৰেছৰ হাতত থকা নগাঁও আৰু কলিয়াবৰকো দখল কৰাৰ কথাক ৷

এতিয়া এনেকৈয়ে আৰম্ভ হৈছে আসন টনা-আঁজোৰাৰ যুঁজ ৷ পিছে লোকসভাৰ নিৰ্বাচনলৈ মাজত এতিয়াও বহুমাহ বাকী ৷

শেহতীয়া বাতৰি