• Home
  • »
  • News
  • »
  • assam
  • »
  • ২০২৪ত টিকট বঞ্চিত হ'ব পাৰে অসমৰ বৰ্তমানৰ ৫গৰাকী BJP সাংসদ, কিন্তু কিয় ?

২০২৪ত টিকট বঞ্চিত হ'ব পাৰে অসমৰ বৰ্তমানৰ ৫গৰাকী BJP সাংসদ, কিন্তু কিয় ?

২০২৪ৰ লোকসভা নিৰ্বাচন যিকোনো প্ৰকাৰে জয়ী হ'ব বিচাৰে শাসকীয় দল বিজেপি ৷ ইয়াৰ বাবে ভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাব নোৱাৰা বৰ্তমানৰ লোকসভাৰ সাংসদৰ কৰ্তন হ'ব পাৰে টিকট ৷

২০২৪ৰ লোকসভা নিৰ্বাচন যিকোনো প্ৰকাৰে জয়ী হ'ব বিচাৰে শাসকীয় দল বিজেপি ৷ ইয়াৰ বাবে ভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাব নোৱাৰা বৰ্তমানৰ লোকসভাৰ সাংসদৰ কৰ্তন হ'ব পাৰে টিকট ৷

২০২৪ৰ লোকসভা নিৰ্বাচন যিকোনো প্ৰকাৰে জয়ী হ'ব বিচাৰে শাসকীয় দল বিজেপি ৷ ইয়াৰ বাবে ভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাব নোৱাৰা বৰ্তমানৰ লোকসভাৰ সাংসদৰ কৰ্তন হ'ব পাৰে টিকট ৷

  • Share this:
২০২৪ৰ লোকসভা নিৰ্বাচন যিকোনো প্ৰকাৰে জয়ী হ'ব বিচাৰে শাসকীয় দল বিজেপি ৷ অসমৰ ক্ষেত্ৰতো হাতত থকা এখনো আসন হেৰুৱাব খোজা নাই গেৰুৱা দলটোৱে ৷ ইয়াৰ বাবে ভিন্ন দিশত পাৰদৰ্শিতা দেখুৱাব নোৱাৰা বৰ্তমানৰ লোকসভাৰ সাংসদৰ কৰ্তন হ'ব পাৰে টিকট ৷

ইতিমধ্যে অসমত বহু কেইটা এজেঞ্চিৰ দ্বাৰা চলিছে গোপন চাৰ্ভে ৷সকলোৰে নিশ্চয় মনত আছে,২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে টিকট কৰ্তন কৰিছিল ৫জনকৈ সাংসদৰ ৷ টিকট হেৰুৱাইছিল ৰাজেন গোঁহাই, ৰমেন ডেকা, আৰ পি শৰ্মা, বিজয়া চক্ৰৱৰ্তী, কামাখ্যা প্ৰসাদ তাছাই ৷ ২০২৪ৰ নিৰ্বাচনতো টিকট হেৰুৱাব পাৰে বৰ্তমানৰ ৯জন সাংসদৰ অধিকাংশই ৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই বহু কেইটা এজেঞ্চিক দি ইতিমধ্যে অসমত সমাপ্ত কৰিছে চাৰ্ভে ৷ প্ৰতিবেদনো ইতিমধ্যে লাভ কৰিছে এজেঞ্চি সমূহৰ পৰা ৷ NATION FIRST, নেশ্যন POLITICAL EDGE, ABM, LEADTECH, MINDSHARE ANALYTICS, JARVIS, JANSOCH, Sapient Research and Analysis কে ধৰি বহু কেইটা এজেঞ্চিক সমগ্ৰ ভাৰততে চাৰ্ভে আৰু ষ্ট্ৰেটেজী প্ৰস্তুতৰ দায়িত্ব অৰ্পন কৰিছে গেৰুৱা দলটোৱে ৷ কোটি কোটি টকা ব্যয় কৰি চলোৱা এই চাৰ্ভেৰ আঁৰত আছে অমিত মালব্য ৷ বিজেপি সাংসদ মন্ত্ৰীৰ বাকপটুতা,সংবাদ মাধ্যমত ৰখা বক্তব্যৰ ধৰণ, জনসংযোগ আছেনে নাই, সাংসদ পুজিৰে কৰা কামৰ খতিয়ান,সংসদত ৰখা বক্তব্য, সমষ্টি বাসীক সময় দিয়েনে নিদিয়ে ইত্যাদি ইত্যাদি বিভিন্ন শিতানত চলিছে চাৰ্ভে ৷

আমাৰ হাতত পৰা তথ্য মতে বৰ্তমানৰ ৫সাংসদক লৈ সুখী নহয় ৰাষ্ট্ৰীয় নেতৃত্ব ৷ ইয়াৰ ভিতৰত আছে উজনি অসমৰ দুজনকৈ সাংসদ,মধ্য অসমৰ এজন,বৰাকৰ এজন আৰু গুৱাহাটীৰ সাংসদো ৷ অৱশ্যেই দুই এক বিষয়ত কোভিড কালীন পৰিস্থিতিৰ বাবে এৰা ধৰা কৰিছে ৰাষ্ট্ৰীয় নেতৃত্বই ৷ কিন্তু ২০২৪ৰ আগলৈকে সকলো মন্ত্ৰী সাংসদৰ ওপৰত শেন চকু ৰাখিব নেতৃত্বই ৷ বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ৰ অসম আগমনো নিৰ্বাচনকেন্দ্ৰিক ৷ বিজেপিয়ে ২০১৯ত সমগ্ৰ ভাৰততে এইদৰে চাৰ্ভে চলাই কঠোৰ সিদ্ধান্তলৈ টিকট কৰ্তন কৰিছিল ৯০জনতকৈ অধিক সাংসদৰ ৷ অসমৰ বেলিকাও ৭জন সাংসদৰ ৫জনৰে কৰ্তন কৰিছিল টিকট ৷ ২০২৪ত পুনৰ শাসনলৈ অহাৰ বাবে জয়ী হোৱাৰ সম্ভাৱনা নথকা লোকক টিকট বঞ্চিত কৰিব বিজেপিয়ে ৷
Published by:Kokil Sarma
First published: