உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ২০২১ ঘোষণা, কাক কাক প্ৰদান কৰিব এই বঁটা?

    লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ২০২১ ঘোষণা, কাক কাক প্ৰদান কৰিব এই বঁটা?

    উপ–ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰদান কৰিব বঁটা।

    উপ–ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰদান কৰিব বঁটা।

    উপ–ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰদান কৰিব বঁটা।

    • Share this:

     লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ঘোষণা কৰা হৈছে ৷ ২০২১ৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব সামাজিক সংগঠন কস্তুৰবা গান্ধী স্মাৰক ট্ৰাষ্টৰ অসম শাখাক। ইয়াৰ লগতে জাৰ্মানীত থকা অসমীয়া সাহিত্যিক ড° নিৰোদ কুমাৰ বৰুৱা আৰু শ্বিলঙৰ জনপ্ৰিয় ব্ৰেণ্ড শ্বিলং চেম্বাৰ কয়াৰক এই বঁটাৰ বাবে বাছনি কৰা হৈছে ৷


    তিনি আগষ্টত দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই বঁটা প্ৰদান কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৷ এই বঁটাত আছে পাঁচ লাখ টকা, প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ ৷


    বঁটা প্ৰদান অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাও উপস্থিত থাকিব ৷

    Published by:Gautam Barman
    First published: