আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধী দলসমূহ। শাসকীয় বিজেপিয়ে ১২ৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছে চৈধ্যখন আসনতে যুঁজ দিবলৈ সাজু হৈছে।
১২ৰ লক্ষ্যৰ বিজেপিয়ে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ইতিমধ্যে ঘোষণা কৰিছে। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি সাংসদ কুইন ওজাৰ মতেও অসমত কোনো দলেই বিজেপিৰ কাষ চাপিব নোৱাৰিব। গুজৰাট মডেলৰ আৰ্হিত বিজেপিয়ে অসমত সংগঠন শক্তিশালী কৰিছে বুলি দোহাৰে লোকসভাৰ সাংসদ কুইন ওজাই।
মঙলবাৰৰ পৰা সাংদৰ বাজেট অধিবেশন আৰম্ভ হ’ব। এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বাবে বিশেষ আঁচনি আৰু অনুদান দিব বুলি কয় সাংসদ কুইন ওজাই। ইফালে আগন্তুক দুই বছৰৰ ভিতৰত গুৱাহাটীবাসীক খোৱা পানী চৰকাৰে যোগান ধৰিব পাৰিব বুলি কয় কুইন ওজাই।
Published by: Gautam Barman
FIRST PUBLISHED : January 30, 2023, 15:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।