• Home
  • »
  • News
  • »
  • assam
  • »
  • Badruddin Ajmal on Qurban : গৰুৰ পৰিৱৰ্তে আন পশু কুৰবানি কৰাৰ আহ্বান সাংসদ বদৰউদ্দিন আজমলৰ 

Badruddin Ajmal on Qurban : গৰুৰ পৰিৱৰ্তে আন পশু কুৰবানি কৰাৰ আহ্বান সাংসদ বদৰউদ্দিন আজমলৰ 

অসম ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হৈছে।

অসম ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হৈছে।

অসম ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰা হৈছে।

  • Share this:
আগন্তুক ঈদত ইছলাম ধৰ্মাৱলম্বীসকলক গৰুৰ কুৰবানী নিদিবলৈ আহ্বান জনাইছে অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি তথা এআইইউডিএফ দলৰ প্ৰধান সাংসদ বদৰউদ্দিন আজমলে।

আজি হাইলাকান্দিত সংবাদ মাধ্যমৰ আগতে এই মন্তব্য আগবঢ়াই মৌলানা বদৰউদ্দিন আজমলে কয়- ''ইছলাম ধৰ্মত যিকোনো প্ৰাণীক কষ্ট নিদিয়াৰ কথা উল্লেখ আছে। আৰু যিহেতু ভাৰতবৰ্ষৰ সংখ্যাগুৰু সম্প্ৰদায়ৰ লোকসকলে গৰুক এটা পৱিত্ৰ আৰু পূজনীয় জন্তু হিচাপে দেখে, সেই হেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলে গৰুৰ পৰিৱৰ্তে আন পশুৰ কুৰবানি দিব লাগে।''



উল্লেখ্য, অসম ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তেও একেই আহ্বান কৰা হৈছে ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি