মুখ্যপৃষ্ঠা »খবৰ »অসম »Lok Sabha Election 2024: বিজেপিয়ে পাৰ্ফৰ্মেঞ্চ চাইহে সাংসদক দিব টিকট: ভৱেশ কলিতা 

Lok Sabha Election 2024: বিজেপিয়ে পাৰ্ফৰ্মেঞ্চ চাইহে সাংসদক দিব টিকট: ভৱেশ কলিতা 

বিজেপিয়ে টিকট প্ৰদানৰ সময়ত এনে কেতবোৰ কথাৰ ওপৰতো গুৰুত্ব দিব ৷

বিজেপিয়ে টিকট প্ৰদানৰ সময়ত এনে কেতবোৰ কথাৰ ওপৰতো গুৰুত্ব দিব ৷

ৰিপৰ্ট কাৰ্ড সন্তোষজনকনে বিজেপি সাংসদৰ? বিজেপিৰ ৯সাংসদৰ ভিতৰত মন্ত্ৰী ৰামেশ্বৰ তেলীক বাদ দি আন আঠ গৰাকী সাংসদে সংসদত কি কৰিলে এতিয়ালৈকে এবাৰ চকু ফুৰাও আহক ৷

  • Share this:

পাৰ্ফৰ্মেঞ্চ ৷ হয় বিজেপি নেতৃত্বই পাৰ্ফৰ্মেঞ্চ চাব বৰ্তমানৰ সাংসদৰ ৷ ছাৰ্ভেৰ পিছত ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰি টিকটৰ সিদ্ধান্ত ল'ব দলটোৱে ৷ কথাটো স্পষ্ট ৷ বিজেপিয়ে এইবাৰ নিজৰ মিছন ১২+ ত উপনীত হ'বলৈ সকলো অসম্ভৱকে সম্ভৱ কৰি তুলিব পাৰে ৷ বিজেপিয়ে টিকট প্ৰদানৰ ক্ষেত্ৰত ল'ব পাৰে যিকোনো ডাঙৰ সিদ্ধান্ত ৷


উল্লেখযোগ্য় যে, ২০১৯ত বিজেপিয়ে টিকট কাটিছিল অসমৰ পাঁচ সাংসদৰ ৷ টিকট কাটিছিল যোৰহাটত কামাখ্যা প্ৰসাদ তাছাৰ, মঙলদৈত ৰমেন ডেকাৰ, গুৱাহাটীত বিজয়া চক্ৰৱৰ্তীৰ, ৰাজেন গোঁহাইৰ নগাঁৱত, আৰ পি শৰ্মাৰ তেজপুৰত ৷ এইবাৰো বিজেপি নেতৃত্বই ল'ব পাৰে বৃহৎ সিদ্ধান্ত ৷ বিজেপিৰ ৯সাংসদৰ ভিতৰত মন্ত্ৰী ৰামেশ্বৰ তেলীক বাদ দি আন আঠ গৰাকী সাংসদে সংসদত কি কৰিলে এতিয়ালৈকে এবাৰ চকু ফুৰাও আহক ৷ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ বিতৰ্কত ভাগ ০, প্ৰশ্ন ১৫, উপস্থিতি ৮০% ৷ পল্লৱ লোচন দাসৰ বিতৰ্কত অংশ ১৪, প্ৰশ্ন ১০৪, উপস্থিতি ৮০% ৷ তপন গগৈৰ বিতৰ্কত ভাগ ৬, প্ৰশ্ন ৬, উপস্থিতি ৭৮% ৷ শিলচৰৰ সাংসদ ডা৹ ৰাজদ্বীপ ৰয়ৰ বিতৰ্কত ভাগ ৩৩, প্ৰশ্ন ৩১, উপস্থিতি ৮৬% ৷ হৰেণ সিং বে'ৰ বিতৰ্কত ভাগ ৩, প্ৰশ্ন ৬, উপস্থিতি ৭৩% ৷ কুইন ওজাৰ বিতৰ্কত ভাগ ২১, প্ৰশ্ন ১১১, উপস্থিতি ৭১% ৷ কৃপানাথ মাল্লাৰ বিতৰ্কত ভাগ ৯, প্ৰশ্ন ২০০, উপস্থিতি ৬৩% ৷ দিলীপ শইকীয়াৰ বিতৰ্কত ভাগ ৩৪, প্ৰশ্ন ২১৬, উপস্থিতি ৭৬% ৷ এই হিচাপ চালে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু কৃপানাথ মাল্লাই সমস্যা সমূহক লৈ ৰাষ্ট্ৰীয় গড় পাৰ কৰিলেও বিতৰ্কত অংশ লোৱাৰ যি ৰাষ্ট্ৰীয় গড় তাৰ ওচৰ চাপিল মাত্ৰ দিলীপ শইকীয়া আৰু ৰাজদ্বীপ ৰয়হে ৷


লোকসভাৰ তথ্য অনুসৰি, বিতৰ্কত অংশ লোৱাৰ ৰাষ্ট্ৰীয় গড় ৩৯.৭%, প্ৰশ্ন উত্থাপনৰ সাংসদৰ ৰাষ্ট্ৰীয় গড় ১৫৬ ৷ এই প্ৰেক্ষাপটত হয়তো বিজেপিয়ে টিকট প্ৰদানৰ সময়ত এনে কেতবোৰ কথাৰ ওপৰতো গুৰুত্ব দিব ৷ হয়তো নেতৃত্বই পুঁজি খৰছৰ পৰা সংসদত লোৱা ভূমিকালৈকে সকলো চাব ৷ যাৰ আংশিক ইংগিত দিলে সভাপতি ভৱেশ কলিতাই এইদৰে, "টিকট কোনে পাব নাপাব সেয়া ক'ব নোৱাৰি ৷ কিন্তু আমাৰ নেতৃত্বই পাৰ্ফৰ্মেঞ্চ চাব ৷ সমষ্টিসমূহত এটা জৰীপো চলিব ৷ সাংসদৰ পাৰ্ফৰ্মেঞ্চ ভাল হ'লে নিশ্চয় টিকট পাব ৷"

শেহতীয়া বাতৰি