ধুবুৰীত আজমল, শিলচৰত ৰাজদীপ, কৰিমগঞ্জত কৃপানাথ জয়ী

অসমৰ ১৪টা লোকসভা সমষ্টিৰ এইপৰ্যন্ত ৬টা সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে।

news18assam
Updated:May 23, 2019, 7:24 PM IST
ধুবুৰীত আজমল, শিলচৰত ৰাজদীপ, কৰিমগঞ্জত কৃপানাথ জয়ী
অসমৰ ১৪টা লোকসভা সমষ্টিৰ এইপৰ্যন্ত ৬টা সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে।
news18assam
Updated: May 23, 2019, 7:24 PM IST
অসমৰ ১৪টা লোকসভা সমষ্টিৰ এইপৰ্যন্ত ৬টা সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে। ধুবুৰীত নিজৰ দুৰ্গ অক্ষত ৰাখিবলৈ সক্ষম হ’ল AIUDF প্ৰধান বদৰুদ্দিন আজমল। অগপৰ জাভেদ ইছলাম আৰু কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে আজমলে।



ইফালে, শিলচৰ সমষ্টিত জয়লাভ কৰে ৰাজদীপ ৰয়ে। কংগ্ৰেছ সাংসদ সুস্মিতা দেৱক পৰাভূত কৰিলে বিজেপি প্ৰাৰ্থী ৰাজদীপ ৰয়ে।



আনহাতে, কৰিমগঞ্জ সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হয় বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই। কংগ্ৰেছৰ স্বৰূপ দাস আৰু AIUDFৰ ৰাধেশ্যাম বিশ্বাস পৰাস্ত হয় কৃপানাথ মাল্লাৰ হাতত।

আৰু চাওক পৰৱৰ্তী বাতৰি