কিমান ভোট পালে আজমলক হুংকাৰ দিয়া শুকুৰ আলীয়ে?

AIUDF প্ৰধান বদৰুদ্দিন আজমলক হৰুৱাই ধুবুৰীৰ সমষ্টিৰ পৰা জয়লাভ কৰিব বুলি দাবী কৰিছিল শুকুৰ আলীয়ে।

news18assam
Updated:May 24, 2019, 10:39 AM IST
কিমান ভোট পালে আজমলক হুংকাৰ দিয়া শুকুৰ আলীয়ে?
AIUDF প্ৰধান বদৰুদ্দিন আজমলক হৰুৱাই ধুবুৰীৰ সমষ্টিৰ পৰা জয়লাভ কৰিব বুলি দাবী কৰিছিল শুকুৰ আলীয়ে।
news18assam
Updated: May 24, 2019, 10:39 AM IST
এইবাৰৰ লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত চৰ্চা লাভ কৰিছিল এগৰাকী প্ৰাৰ্থীয়ে। নিৰ্দলীয় প্ৰাৰ্থীৰূপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল শুকুৰ আলী নামৰ যুৱকজনে। AIUDF প্ৰধান বদৰুদ্দিন আজমলক হৰুৱাই ধুবুৰীৰ সমষ্টিৰ পৰা জয়লাভ কৰিব বুলি দাবীও কৰিছিল শুকুৰ আলীয়ে। আজমলক ৯ লাখ ভোটত পৰাস্ত কৰিম বুলি কৈছিল এইজন শুকুৰ আলীয়ে। বিজয়ী হৈ অঞ্চলটোৰ বঞ্চিত জনতাৰ হৈ কাম কৰাৰ আশ্বাস দিছিল শুকুৰে। কিন্তু শুকুৰ আলীৰ সাংসদ হোৱাৰ সপোন পূৰণ নহ’ল। শুকুৰ আলীয়ে লাভ কৰিলে মাত্ৰ ৭,৭৭৪টা ভোট। ইয়াৰে ৯টা ভোট পাইছে পোষ্টেল বেলটযোগে।

AIUDFৰ দুৰ্গ অক্ষত ৰাখি ধুবুৰী সমষ্টিত জয়লাভ কৰে AIUDF প্ৰদান বদৰুদ্দিন আজমলে। অগপৰ জাভেদ ইছলাম, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীক পৰাস্ত কৰে আজমলে। দ্বিতীয় স্থানত কংগ্ৰেছ আৰু তৃতীয় স্থানত থাকে অগপৰ জাভেদ ইছলাম। আজমলে লাভ কৰে মুঠ ৭,১৮,৭৬৪টা ভোট। তাৰ বিপৰীতে জাভেদ ইছলামে ৩,৯৯,৭৩৩টা আৰু আবু তাহেৰ বেপাৰীয়ে পাইছে ৪,৯২,৫০৬টা ভোট।
আৰু চাওক পৰৱৰ্তী বাতৰি