নগাঁৱত প্ৰদ্যুৎ–ৰূপকক চেলেঞ্জ দিয়া ‘টাইগাৰ’ৰ কি হ’ল?

‘টাইগাৰ অভী জিন্দা হ্যে’ বুলি কোৱা জাকিৰ এতিয়া ‘এক থা টাইগাৰ’

news18assam
Updated:May 24, 2019, 1:42 PM IST
নগাঁৱত প্ৰদ্যুৎ–ৰূপকক চেলেঞ্জ দিয়া ‘টাইগাৰ’ৰ কি হ’ল?
‘টাইগাৰ অভী জিন্দা হ্যে’ বুলি কোৱা জাকিৰ এতিয়া ‘এক থা টাইগাৰ’
news18assam
Updated: May 24, 2019, 1:42 PM IST
লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ নিৰ্বাচনী পথাৰত গুজৰি–গুমৰি থকা ‘টাইগাৰ’ এতিয়া নিতাল মাৰিছে। লোকসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয়বৰণ কৰিলে ‘টাইগাৰ’–এ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু বিজেপিক প্ৰত্যাহ্বান জনাই সমুখ সমৰত নামিছিল এগৰাকী প্ৰাৰ্থী। প্ৰাৰ্থীগৰাকীৰ নাম জাকিৰ হুছেইন। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক জাকিৰ হুছেইন। প্ৰদ্যুৎ বৰদলৈক মাৰ্ঘেৰিটাৰ পৰা আনি নগাঁৱত প্ৰাৰ্থিত্ব দিয়াত আত্মসন্মানত লাগিছিল জাকিৰৰ। সেয়েহে সমষ্টিটোৰ পৰা নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল জাকিৰ হুছেইন। প্ৰদ্যুৎ–ৰূপকক উদ্দেশ্যি জাকিৰে কৈছিল – ‘টাইগাৰ অভী টক জিন্দা হ্যে’।

কিন্তু জাকিৰৰ সপোন পূৰণ নহ’ল। লোকসভা নিৰ্বাচনত মাত্ৰ ৪,৩১৫টা ভোট লাভ কৰিলে জাকিৰ হুছেইনে। সমষ্টিটোত বিজেপিৰ ৰূপক শৰ্মাই ৭,২২,৯৭২টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে ৭,৩৯,৭২৪টা ভোট লাভ কৰি সমষ্টিটোত শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।



নিজকে ‘টাইগাৰ’ বুলি আখ্যা দি দুই হেভীৱেট প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাইছিল জাকিৰ হুছেইনে। নগাঁৱত এইবাৰ পানী ঘোলা কৰিব বুলিও মন্তব্য কৰিছিল জাকিৰে। ২৪ বছৰে কংগ্ৰেছত থাকি প্ৰতাৰণাত বাদে একো নাপালে বুলি উল্লেখ কৰি জাকিৰে কৈছিল – তেওঁৰ লগৰ ২০–২৫জন নেতা মন্ত্ৰী–বিধায়ক, কিন্তু ৰকিবুল হুছেইন, ৰিপুণ বৰা, অৰ্ধেন্দু দে’ৰ দৰে নেতাই পৰিকল্পিতভাৱে তেওঁক টিকটৰ পৰা বঞ্চিত কৰিছে।

বিগত পঞ্চায়ত নিৰ্বাচনত যমুনামুখ সমষ্টিৰ ডবকা জিলা পৰিষদৰ পৰা টিকট বিচাৰি বিফল হোৱাত কংগ্ৰেছ ত্যাগ কৰি অগপত যোগদান কৰিছিল জাকিৰ হুছেইনে। অগপৰ পৰা ডবকা জিলা পৰিষদৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছ প্ৰাৰ্থীৰ হাততে পৰাস্ত হৈছিল জাকিৰ। কিন্তু এইবাৰ অগপৰ পৰাও পদত্যাগ কৰি নগাঁও লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল জাকিৰ হুছেইনে।
আৰু চাওক পৰৱৰ্তী বাতৰি