কোকৰাঝাৰত নৱ শৰণীয়া, মঙলদৈত দিলীপ শইকীয়াৰ শেষ হাঁহি

জল্পনা–কল্পনাৰ অন্ত পেলাই অৱশেষত কোকৰাঝাৰত শেষ হাঁহি মাৰিলে নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াই।

news18assam
Updated:May 23, 2019, 9:02 PM IST
কোকৰাঝাৰত নৱ শৰণীয়া, মঙলদৈত দিলীপ শইকীয়াৰ শেষ হাঁহি
জল্পনা–কল্পনাৰ অন্ত পেলাই অৱশেষত কোকৰাঝাৰত শেষ হাঁহি মাৰিলে নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াই।
news18assam
Updated: May 23, 2019, 9:02 PM IST
জল্পনা–কল্পনাৰ অন্ত পেলাই অৱশেষত কোকৰাঝাৰত শেষ হাঁহি মাৰিলে নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াই। সমষ্টিটোত চাৰিকোণীয়া যুঁজ অনুষ্ঠিত হৈছিল। বিপিএফৰ প্ৰমীলাৰাণী ব্ৰহ্ম, কংগ্ৰেছৰ শব্দ ৰাভা, UPPLৰ উৰ্খাও গৌৰা ব্ৰহ্ম আৰু নৱ শৰণীয়াৰ মাজত হৈছিল মূল যুঁজ। প্ৰথম অৱস্থাত UPPLৰ উৰ্খাও গৌৰা ব্ৰহ্মই বৃহৎ অগ্ৰগতি লাভ কৰিছিল। কেতবোৰ ঠাইত আগুৱাই আছিল নৱ শৰণীয়া। অৱশেষত উৰ্খাও গৌৰা ব্ৰহ্মক ওফৰাই বিজয়ৰ নিচান তুলি ল’লে নৱ শৰণীয়াই।



আনহাতে, মঙলদৈ সমষ্টিত জয়লাভ কৰে বিজেপিৰ দিলীপ শইকীয়াই। কংগ্ৰেছৰ ভুবনেশ্বৰ কলিতাৰ বিৰুদ্ধে ৰণত নামিছিল বিজেপি প্ৰাৰ্থীগৰাকী। বিগত বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱা দিলীপ শইকীয়াৰ হাতত মুখথেকেচা খালে কেইবাৰৰো সাংসদ ভুবনেশ্বৰ কলিতাই।
আৰু চাওক পৰৱৰ্তী বাতৰি