ঐতিহাসিক বিজয়ৰ পিছতে মোদীলৈ সৰ্বানন্দ সোণোৱালৰ ফোন, মোদীক কি ক’লে সোণোৱালে?

বিজেপিৰ বৃহৎ সফলতাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

news18assam
Updated:May 24, 2019, 12:35 PM IST
ঐতিহাসিক বিজয়ৰ পিছতে মোদীলৈ সৰ্বানন্দ সোণোৱালৰ ফোন, মোদীক কি ক’লে সোণোৱালে?
বিজেপিৰ বৃহৎ সফলতাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
news18assam
Updated: May 24, 2019, 12:35 PM IST
লোকসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতাৰ পিছতে দেশ–বিদেশৰ পৰা শুভেচ্ছাবাণী আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। মোদীক শুভেচ্ছা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেট্টানাহুৱেও টুইটাৰযোগে শুভেচ্ছা জনায় নৰেন্দ্ৰ মোদীক।

বিজেপিৰ এই সফলতাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। টেলিফোনযোগে প্ৰধানমন্ত্ৰী মোদীক অভিবাদন জনালে সোণোৱালে। বিজেপিৰ এই ঐতিহাসিক বিজয়ৰ বাবে মোদীক শুভেচ্ছা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে অসমৰ ১৪খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ৯খন দখল কৰিবলৈ সক্ষম হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি