Sualkuchi : অভিযোগ মতে নাইট চকীদাৰৰ সহযোগত একাংশ উদণ্ড যুৱকে নিশা হ'লে মদ-মাংসৰ পাৰ্টি কৰে শুৱালকুছিৰ পৰিদৰ্শন বঙলাত !
Sualkuchi : অভিযোগ মতে নাইট চকীদাৰৰ সহযোগত একাংশ উদণ্ড যুৱকে নিশা হ'লে মদ-মাংসৰ পাৰ্টি কৰে শুৱালকুছিৰ পৰিদৰ্শন বঙলাত !
শুৱালকুছিৰ লোক নিৰ্মাণ বিভাগ (Lok Nirman)ৰ পৰিদৰ্শন বঙলা নিশা হ'লেই ৰঙীন হৈ পৰে । বেলি ডুবাৰ লগে লগেই শুৱালকুছি (Sualkuchi)ৰ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাৰ কোঠাত আৰম্ভ হয় বিলাতী মদৰ আড্ডা। পৰ্যটক, অতিথি, চৰকাৰী,ৰাজহুৱা অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰা আটকধুনীয়া এইটো শুৱালকুছিৰ পৰিদৰ্শন বঙলা এতিয়া একাংশ যুৱকৰ বাবে হৈ পৰিছে সুৰাৰ আড্ডা থলী।
সন্ধিয়া হ'লেই একাংশ স্থানীয় যুৱকে পৰিদৰ্শন বঙলাৰ বিলাসী কোঠাত মদৰ আড্ডাত মচগুল হৈ পৰে বুলি অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে নাইট চকীদাৰৰ সহযোগত এইসকল উদণ্ড যুৱকে নিশা হ'লে মদ-মাংসৰ পাৰ্টি কৰে পৰিদৰ্শন বঙলাত !
এই পৰিদৰ্শন বঙলাৰ চোৱা চিতাৰ দায়িত্ব থকা চকীদাৰৰ বিস্ফোৰক অভিযোগ যে বিভিন্ন সময়ত একাংশ (ডাঙৰ) লোকে আহি সুৰা আৰু সুন্দৰীৰ সৈতেও নৈশ যাপন কৰে হেনো এই পৰিদৰ্শন বঙলাত।
সাধাৰণতে কোনো পৰ্যটক বা অতিথি আহিলে জিলা উপায়ুক্ত বা লোক নিৰ্মাণ বিভাগৰ অনুমতি লৈহে থাকিব পৰা এই পৰিদৰ্শন বঙলাত কাৰ অনুমতিত চলিছে সুৰাৰ আড্ডা? শুৱালকুছি পৰিদৰ্শন বঙলাত সংঘটিত এনে এসামাজিক কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত। এই কাৰ্যই অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰাৰো অভিযোগ কৰিছে স্থানীয় লোকে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|