মুখ্যপৃষ্ঠা »খবৰ »অসম »আত্মহত্যাৰ অনুমতি বিচাৰিলে অসম লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰীয়ে, চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ ক্ষোভ

আত্মহত্যাৰ অনুমতি বিচাৰিলে অসম লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰীয়ে, চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ ক্ষোভ

এখন পত্ৰই হাহাকাৰ লগাইছে নগাঁও লোকনিৰ্মাণ বিভাগত

এখন পত্ৰই হাহাকাৰ লগাইছে নগাঁও লোকনিৰ্মাণ বিভাগত

এখন পত্ৰই হাহাকাৰ লগাইছে নগাঁও লোকনিৰ্মাণ বিভাগত

  • Share this:

আত্মহত্যাৰ অনুমতি বিচাৰি বিভাগীয় কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিলে অসম লোকনিৰ্মাণ বিভাগৰ এজন মাষ্টাৰৰোলৰ কৰ্মচাৰীয়ে। ১৯৮৭ চনৰে পৰা অসম লোকনিৰ্মাণ বিভাগৰ যান্ত্ৰিক সংমণ্ডলৰ মাষ্টাৰৰোলৰ কৰ্মচাৰী দুলাল বৰাই চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ ক্ষোভতে এই পত্ৰ প্ৰেৰণ কৰিছে।


উল্লেখযোগ্য যে ১৯৯৩ চনৰ ৩১ মাৰ্চৰ আগৰ বহু মাষ্টাৰৰোলৰ কৰ্মচাৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাই ২০১১ চনতে বিত্তমন্ত্ৰীৰ দায়িত্বত থকা সময়তে চাকৰি নিয়মীয়াকৰণ কৰিছিল। কিন্তু দুলাল বৰা নামৰ নগাঁৱৰ এইগৰাকী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাছিল। অনাগত ২০২৩ চনত দুলাল বৰাৰ চাকৰি জীৱনৰো অন্ত পৰিব। সেয়ে তেওঁ চাকৰি জীৱনৰ অৱসৰৰ দিনাই নিজৰ জীৱনৰো পৰা অৱসৰ বিচাৰি এই পত্ৰ প্ৰেৰণ কৰিছে লোকনিৰ্মাণ বিভাগৰ নগাঁও যান্ত্ৰিক সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তালৈ।


ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে নগাঁও জিলা উপায়ুক্তলৈকো পত্ৰখনৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে দুলাল বৰাই।

শেহতীয়া বাতৰি