உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লকডাউন বৃদ্ধি কৰাৰ পোষকতা জুবিন গাৰ্গৰ, ঋতুপৰ্ণ পেগুৰ হত্যাক লৈ কি ক’লে জুবিনে?

    লকডাউন বৃদ্ধি কৰাৰ পোষকতা জুবিন গাৰ্গৰ, ঋতুপৰ্ণ পেগুৰ হত্যাক লৈ কি ক’লে জুবিনে?

    oppo_1026

    oppo_1026

    ৰাজ্যৰ ভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ ওপৰত চলা বৰ্বৰ আক্ৰমণ সন্দৰ্ভতো মত ব্যক্ত কৰে জুবিন গাৰ্গে৷

    • Share this:
    কোৰোণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ৰাজ্যত লকডাউন বৃদ্ধিৰ পোষকতা কৰে জুবিন গাৰ্গে৷ জুবনিৰ মতে, বৰ্তমানৰ পৰিস্থিতিত ৰাজ্যত লকডাউন বৃদ্ধি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে৷ সোমবাৰে মহানগৰীৰ ৰাজগড় তিনিআলিত সীতাজখলাৰ বিপণী উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকাৰ সময় এই মন্তব্য কৰে জুবিন গাৰ্গে।

    একেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ ওপৰত চলা বৰ্বৰ আক্ৰমণ সন্দৰ্ভতো মত ব্যক্ত কৰে জুবিন গাৰ্গে৷ সৰু সৰু কথাতে এজনে আনজনক এনেদৰে হত্যা কৰাটো অতি দুৰ্ভাগ্যজনক বুলি কয় জুবিনে ৷ ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডত জড়িত দোষীক চৰকাৰ–প্ৰশাসনে কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে জুবিনে৷

    ইপিনে, অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত জুবিনে কয় যে  সুশান্ত এজন ভাল অভিনেতা আছিল৷ তেওঁৰ মৃত্যু বলীউদৰ বাবে এক বৃহৎ ক্ষতি৷ তেওঁ কি কাৰণে এই পথ ল’লে সেই সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত কৰা প্ৰয়োজন৷
    First published: