কোনোপধ্যেই নিপিন্ধে মাস্ক! জুলাই মাহত মহানগৰীৰ নিয়ম ভংগকাৰীয়ে ভৰিলে ৩,০১,৫০০ টকাৰ জৰিমনা

News18 Assam | News18-Assam
Updated:August 2, 2020, 5:15 PM IST
কোনোপধ্যেই নিপিন্ধে মাস্ক! জুলাই মাহত মহানগৰীৰ নিয়ম ভংগকাৰীয়ে ভৰিলে ৩,০১,৫০০ টকাৰ জৰিমনা
লকডাউন উলংঘা কৰাৰ অপৰাধত মহানগৰ আৰক্ষীয়ে বিগত এমাহত ১৭৮জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ৫৯টা গোচৰ ৰুজু কৰে৷

লকডাউন উলংঘা কৰাৰ অপৰাধত মহানগৰ আৰক্ষীয়ে বিগত এমাহত ১৭৮জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ৫৯টা গোচৰ ৰুজু কৰে৷

  • Share this:
লকডাউনৰ নীতি–নির্দেশনা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ মহানগৰীত লকডাউন উলংঘা কৰাৰ অপৰাধত ১ জুলাইৰ পৰা ১ আগষ্টলৈকে যান–বাহন আৰক্ষীয়ে দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া আৰু ছয়চকীয়া বাহনসহ মুঠ ৪,০৭০খন বাহন জব্দ কৰিছে৷ ইয়াৰ ভিতৰত ৩,২৮৬খন দুচকীয়া, ৯৬খন তিনিচকীয়া, ৬৭৭খন চাৰিচকীয়া, ১১খন ছয়চকীয়া বাহন আছে৷

শনিবাৰৰ দিনটোত লতাশিল থানাৰ আৰক্ষীয়ে লকডাউন উলংঘা কৰাৰ অপৰাধত দুখন দুচকীয়া, এখন তিনিচকীয়া বাহন জব্দ কৰে৷ পাণবজাৰ আৰক্ষীয়ে ১৯খন দুচকীয়া আৰু ৩খন চাৰিচকীয়া বাহন জব্দ কৰে৷ চানমাৰি আৰক্ষীয়ে ৫খন দুচকীয়া, ১০খন চাৰিচকীয়া বাহন, নুনমাটি আৰক্ষীয়ে ২০খন দুচকীয়া, এখন তিনিচকীয়া আৰু ৪খন চাৰিচকীয়া বাহন, গীতানগৰ আৰক্ষীয়ে ৬খন দুচকীয়া, ৭খন চাৰিচকীয়া, দিছপুৰ আৰক্ষীয়ে ১০খন দুচকীয়া, ৪খন চাৰিচকীয়া, খানাপাৰা আৰক্ষী চকীত ১১খন দুচকীয়া, ২খন চাৰিচকীয়া, যোৰাবাটত ৪খন দুটকীয়া, ২খন চাৰিচকীয়া, জালুকবাৰীত ১৮খন দুচকীয়া, ২খন তিনিচকীয়া, ১২খন চাৰিচকীয়া বাহন, ফটাশিল আমবাৰীত ৬খন দুচকীয়া, ভৰলুমুখত ১৪খন দুচকীয়া বাহন জব্দ কৰে৷

গুৱাহাটী মহানগৰীত মুঠ ১১৫খন দুচকীয়া, ৪খন তিনিচকীয়া আৰু ৪৪খন চাৰিচকীয়া বাহন লকডাউন উলংঘা কৰাৰ অপৰাধত মহানগৰ আৰক্ষীয়ে জব্দ কৰে৷ লকডাউন উলংঘা কৰাৰ অপৰাধত মহানগৰ আৰক্ষীয়ে বিগত এমাহত ১৭৮জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ৫৯টা গোচৰ ৰুজু কৰে৷ বিগত মাহটোত মাস্ক পৰিধান নকৰা লোকৰ পৰা মহানগৰ আৰক্ষীয়ে ৩,০১,৫০০ টকাৰ জৰিমনা সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ এই অভিযানত অব্যাহত  থাকিব বুলি জানিব পৰা গৈছে।
First published: August 2, 2020, 5:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading