আকৌ হ’ব নেকি লকডাউন? কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

News18 Assam | News18-Assam
Updated:August 18, 2020, 2:32 PM IST
আকৌ হ’ব নেকি লকডাউন? কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
পূৰ্বতকৈ যথেষ্ট সজাগ আৰু সাৱধান হৈছে জনসাধাৰণ৷ কিন্তু একাংশৰ বাবে এতিয়াও সজাগতা, সাৱধানতা বহু দূৰৈত৷

পূৰ্বতকৈ যথেষ্ট সজাগ আৰু সাৱধান হৈছে জনসাধাৰণ৷ কিন্তু একাংশৰ বাবে এতিয়াও সজাগতা, সাৱধানতা বহু দূৰৈত৷

  • Share this:
যি সময়ত আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে, তেনে সময়তে পুনৰ লকডাউনৰ ইংগিত প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ আনলকৰ লগে লগে খুলিছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, মুকলি আকাশৰ তললৈ আহিছে জনসাধাৰণ৷ কিন্তু এই আনলক উপভোগ কৰোতে যাতে জনসাধাৰণে মাস্ক পৰিধান আৰু সামাজিক দূৰত্বৰ বিধি যাতে পাহৰি নাযায় তাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে সকীয়নি ৷

'জনজীৱন স্বাভাৱিক হ'লেও কোৰোণা পৰিস্থিতি স্বাভাৱিক হোৱা নাই৷ মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সকলোকে বিনম্ৰ আহ্বান জনাইছো৷ পৰিস্থিতি বেয়ালৈ গতি কৰিলে পুনৰ প্ৰযোজ্য হ'ব পাৰে লকডাউন'- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য৷

পূৰ্বতকৈ যথেষ্ট সজাগ আৰু সাৱধান হৈছে জনসাধাৰণ৷ কিন্তু একাংশৰ বাবে এতিয়াও সজাগতা, সাৱধানতা বহু দূৰৈত৷ নিপিন্ধে মাস্ক, নাই সামাজিক দূৰত্বৰ কোনো চিন–চাব৷ সেয়ে এনে একাংশক স্বাস্থ্য মন্ত্ৰীয়ে সোঁৱৰালে যে এতিয়াও আঁতৰা নাই কোৰোণা, দূৰ হোৱা নাই লকডাউনৰ সম্ভাৱনা৷ প্ৰয়োজনত পুনৰ আহিব পাৰে লকডাউন৷
Published by: Sanjay Kumar Das
First published: August 18, 2020, 2:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading