হোৰাহোৰে কোৰোণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত কৰিমগঞ্জসহ সমগ্ৰ বৰাক উপত্যকাত দিয়া হ’ব সম্পূৰ্ণ লকডাউন। ২৬ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈ বৰাক উপত্যকাৰ তিনিওখন জিলাত হ’ব সম্পূৰ্ণ লকডাউন। বৰাক উপত্যকাৰ তিনিওখন জিলাৰ উপায়ুক্তই পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি লকডাউনৰ আদেশ বিচাৰিছে। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণয়ো ইতিমধ্যে পত্ৰযোগে জনাইছে যে লকডাউন দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কোনো আপত্তি নাই। গতিকে বৰাকত অহা ২৬ আগষ্টৰ পৰা সম্পূৰ্ণ লকডাউনৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত হৈ গৈছে।
বৰাক উপত্যকাৰ সাধাৰণ ৰাইজেও বিচাৰে লকডাউন হোৱাটো। উল্লেখযোগ্য যে কৰিমগঞ্জত এতিয়ালৈ সৰ্বমুঠ ১৯০০ জন লোক কোৰোণাত আক্ৰান্ত হৈছে। ইয়াৰ মাজত ১১২৪জন সুস্থ হৈছে আৰু ৭৫০গৰাকী সক্ৰিয় ৰোগী আছে। কৰিমগঞ্জত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ২৩জনলৈ। কাছাৰ জিলাত ৫০০০ৰো অধিক আৰু হাইলাকান্দিতো প্ৰায় ১৯০০ ৰোগী চিনাক্ত হৈছে। ইয়াৰ মূল কাৰণ হ’ল ৰাইজে কোভিড–১৯ৰ নিয়ম–নীতি ভালদৰে পালন কৰা নাই। আনফালে, শিলচৰ মেডিকেল কলেজ হাস্পতালৰ বাহিৰে আন কোনো চিকিৎসালয়ত ভেণ্টিলেচন বা আইচিইউসহ কোনো সুব্যৱস্থা এতিয়াও হৈ উঠা নাই।
বিগত তিনি মাহ পূৰ্বে কৰিমগঞ্জ কোভিড চিকিৎসালয়ত ৫টাকৈ ভেণ্টিলেচন দিয়াৰ কথা আছিল যদিও সেয়া হৈ উঠা নাই। আনফালে কৰিমগঞ্জ কোভিড হাস্পতালতো চিকিৎসাৰ সুব্যৱস্থা নাই। মুঠতে সকলো মিলি এক ভয়ানক পৰিৱেশৰ দিশে আগবাঢ়িছে বৰাক উপত্যকা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 23, 2020, 15:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।