৯ জুলাইৰ পৰা ১৫ জুলাইলৈ যোৰহাটৰ পৌৰ এলেকাত সম্পূৰ্ণ লকডাউন

News18 Assam | News18-Assam
Updated:July 7, 2020, 6:52 PM IST
৯ জুলাইৰ পৰা ১৫ জুলাইলৈ যোৰহাটৰ পৌৰ এলেকাত সম্পূৰ্ণ লকডাউন
মঙলবাৰে যোৰহাট নগৰ অঞ্চলত একেলগে ১৭ জন লোকৰ দেহত কোভিড–১৯ পজিটিভ পোৱা গৈছে।

মঙলবাৰে যোৰহাট নগৰ অঞ্চলত একেলগে ১৭ জন লোকৰ দেহত কোভিড–১৯ পজিটিভ পোৱা গৈছে।

  • Share this:
যোৰহাটৰ নগৰ অঞ্চলত ট্ৰেভেল হিষ্ট্ৰী নথকা ইজনৰ পিছত সিজন ব্যক্তিৰ শৰীৰত পোৱা গৈছে কোভিড–১৯ৰ সংক্ৰমণ। আৰু অৱশেষত প্ৰত্যাশিতভাৱেই সামাজিক সংক্ৰমণ ৰোধ কৰিবলৈ অহা ৯ জুলাইৰ পৰা ১৫ জুলাইলৈ যোৰহাটৰ পৌৰ এলেকাত ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন। News18–এ এই লকডাউনৰ সম্ভাৱনা কেইদিনমান পূৰ্বেই দাঙি ধৰিছিল।

শেহতীয়া পৰিস্থিতি অনুসৰি কোভিড–১৯ৰ গণ সংক্ৰমণ হোৱাৰ দিশে আগবাঢ়িছে যোৰহাট। ট্ৰেভেল হিষ্ট্ৰী নথকা বহু লোকৰ শৰীৰত পোৱা গৈছে কোভিড–১৯ৰ সংক্ৰমণ। মঙলবাৰৰ দুপৰীয়া পৰ্যন্ত ট্ৰেভেল হিষ্ট্ৰী নথকা ৩৯ গৰাকী লোকৰ শৰীৰত পোৱা গৈছে কোভিড–১৯ৰ সংক্ৰমণ। সামাজিক সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে যোৰহাটৰ উপায়ুক্তই যোৰহাট পৌৰসভাৰ অধীনস্থ অঞ্চলসমূহত অহা ৯ জুলাইৰ সন্ধিয়া ৭ বজাৰ পৰা ১৫ জুলাইলৈকে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে।

এই সময়ছোৱাত  যান-বাহনৰ চলাচল, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব। লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। আনহাতে, ৯ জুলাইলৈকে খোলা ৰাখিব পৰা যোৰহাট নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকে ধৰি এনে বিভিন্ন স্থানৰ পৰা ৰেণ্ডম টেষ্টৰ বাবে বহু লোকৰ নমুনা সংগ্ৰহ কৰা হ’ব। নমুনা পৰীক্ষাৰ অন্তত এইসকল লোকৰ শৰীৰত সংক্ৰমণ লাভ কৰিলেও লকডাউনৰ বাবে তেওঁলোকৰ পৰা অধিক ব্যক্তিলৈ ৰোগ বিয়পিব নোৱাৰিব।

"৭ জুলাইৰ পৰা ৯ জুলাইলৈকে যোৰহাট নগৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, শ্বপিং মল, ৰেষ্টুৰেণ্ট, বজাৰকে ধৰি জনসমাগম হোৱা বিভিন্ন অঞ্চলত ৰেণ্ডম টেষ্টৰ বাবে অধিক হাৰত নমুনা সংগ্ৰহ কৰা হ’ব। এই লোকসকলৰ মাজৰ কাৰোবাৰ ফলাফল পজিটিভ আহিলেও লকডাউনৰ বাবে আন ব্যক্তিলৈ বিয়পিব নোৱাৰিব।", যোৰহাটৰ উপায়ুক্ত ৰশ্নী অপৰাঞ্জি কৰাটিয়ে এই মন্তব্য কৰে।

মঙলবাৰে যোৰহাট নগৰ অঞ্চলত একেলগে ১৭ জন লোকৰ দেহত কোভিড–১৯ পজিটিভ পোৱা গৈছে। নগৰৰ ৰজা মৈদামৰ কালিস্থান আৰু নিউ কলনীৰ বাসিন্দা এই আক্ৰান্ত লোকসকল। কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকা এই লোকসকল "এভাৰ বেক" নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ সংস্পৰ্শলৈ অহা কোভিড–১৯ সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ আহিছিল। আনহাতে,  আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ দুজন আৰক্ষী আৰু JMCHৰ এগৰাকী ইণ্টাৰ্ণ চিকিৎসকৰ শৰীৰতো পোৱা গৈছে সংক্ৰমণ।

"ৰজামৈদাম অঞ্চলৰ এই লোকসকলে কোনো সামাজিক দূৰত্ব মানি চলা নাছিল। সেইবাবেই একে ঠাইৰ পৰা ইমান বেছি লোক সংক্ৰমিত হ’ল। এইবাৰ লকডাউন কঠোৰভাৱে বলৱৎ কৰা হ’ব। লকডাউন ভংগ কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।", এইদৰে জনালে উপায়ুক্তগৰাকীয়ে।

অৱশ্যে এতিয়াৰে পৰা কোভিড–১৯ সংক্ৰমিত কোনো লোকৰ শৰীৰত যদিহে ৰোগৰ লক্ষণ নাথাকে তেন্তে চৰ্তসাপেক্ষে চিকিৎসালয়ৰ পৰিৱৰ্তে লোকজন নিজ ঘৰতে কোৱাৰেণ্টাইন হোৱাৰ সুবিধা লাভ কৰিব। এতিয়া সকলো নিৰ্ভৰ কৰিছে জনসাধাৰণৰ ওপৰত। চৰকাৰী নিয়ম মানি চলিলে সংক্ৰমণ ৰোধ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অন্যথা যোৰহাটতো হ’ব পাৰে ভয়ংকৰ পৰিস্থিতি।
Published by: Sanjay Kumar Das
First published: July 7, 2020, 6:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি