কামৰূপ(মেট্ৰ')ৰ পিছত সোমবাৰৰ পৰা অসমৰ এইখন জিলাত ১৪দিনৰ ল’ক ডাউন

News18 Assam | News18-Assam
Updated:July 4, 2020, 12:34 PM IST
কামৰূপ(মেট্ৰ')ৰ পিছত সোমবাৰৰ পৰা অসমৰ এইখন জিলাত ১৪দিনৰ ল’ক ডাউন
ডিমা হাচাও জিলাক হৈছে কোৰোণা ভাইৰাছৰ সামাজিক সংক্ৰমণ

ডিমা হাচাও জিলাক হৈছে কোৰোণা ভাইৰাছৰ সামাজিক সংক্ৰমণ

  • Share this:
ডিমা হাচাও জিলাক হৈছে কোৰোণা ভাইৰাছৰ সামাজিক সংক্ৰমণ। অহা সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সম্পূৰ্ণ ল’ক ডাউন ঘোষণা ডিমা হাছাও জিলাত। শুকুৰবাৰে ডিমা হাছাও জিলাত নতুনকৈ ৮ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত জিলা প্ৰশাসনৰ। কোৰোণাত আক্ৰান্ত ৮ গৰাকীৰ ভিতৰত ছগৰাকীৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত।

ডিমা হাছাও জিলাত বৰ্তমান লৈকে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা ১২৮ জন।  জিলাখনত নতুনকৈ ক’ভিড-১৯ত ৰোগত আক্ৰান্ত হোৱা ৭জন ৰোগীৰ মাজত ৫গৰাকী মানদাৰ দিছা চেকপোষ্টত কৰ্মৰত আৰক্ষীৰ কৰ্মী আৰু এগৰাকী ব্যক্তি দিয়ুংমুখ স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীৰ পুত্ৰ । এই আটাইগৰাকীৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই বুলি জানিবলৈ দিছে হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাইয়ে।

ডিমা হাছাও জিলাত গণ সংক্ৰমণ ৰোধ কৰাৰ বাবেই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই অহা ৬জুলাইৰ পৰা ১৪ দিনৰ ভাবে সমগ্ৰ পাহাৰীয়া জিলাখনত ল’ক ডাউনৰ বলৱত্‍ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যৰ পৌৰ নিগম আৰু নগৰ সমিতি এলেকাত শণি আৰু দেওবাৰে সাপ্তাহিক ল’ক ডাউনৰ ঘোষণা কৰিছে।
First published: July 4, 2020, 12:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি