• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটত পুনৰ দুদিনলৈ বৃদ্ধি সম্পূৰ্ণ লকডাউন

যোৰহাটত পুনৰ দুদিনলৈ বৃদ্ধি সম্পূৰ্ণ লকডাউন

যোৰহাটৰ ৰাজপথত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে মঙলবাৰেও পদ সঞ্চালন কৰি বিভিন্ন স্থানত অভিযান চলায়।

যোৰহাটৰ ৰাজপথত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে মঙলবাৰেও পদ সঞ্চালন কৰি বিভিন্ন স্থানত অভিযান চলায়।

যোৰহাটৰ ৰাজপথত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে মঙলবাৰেও পদ সঞ্চালন কৰি বিভিন্ন স্থানত অভিযান চলায়।

  • Share this:
বিনা কাৰণত ৰাজপথলৈ ওলাই অহা লোকৰ বিৰুদ্ধে যোৰহাটত আৰক্ষী-প্ৰশাসনৰ যৌথ অভিযান অব্যাহত আছে। নগৰ তথা গ্ৰাম্যাঞ্চলত ব্যাপকভাৱে চলিছে তালাচী। যোৰহাটৰ ৰাজপথত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে মঙলবাৰেও পদ সঞ্চালন কৰি বিভিন্ন স্থানত অভিযান চলায়। আনহাতে যোৰহাটত পুনৰ দুদিনলৈ বৃদ্ধি কৰা হৈছে সম্পূৰ্ণ লকডাউন।

যোৰহাটত পুনৰ দুদিনলৈ বৃদ্ধি কৰা হৈছে সম্পূৰ্ণ লকডাউন। এই সময়ছোৱাত সোম, মঙলবাৰৰ দৰে বন্ধ থাকিব গেলামাল, শাক-পাচলি, ফলমূলৰ বিক্ৰী। অতি প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক। জিলাখনৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। এই সময়ছোৱাত বিনা কাৰণত ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ যোৰহাট আৰক্ষী আৰু প্ৰশাসনে যোৰহাটবাসী ৰাইজক পুনৰ আহ্বান জনাইছে।

যোৰহাটৰ একাংশ ঠাইত উদ্বেগজনক হৈ থকা কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মঙলবাৰেও আৰক্ষী-প্ৰশাসনৰ যৌথ অভিযান অব্যাহত থাকে। মঙলবাৰে যোৰহাট নগৰৰ ৰাজপথত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰশাসনিক বিষয়াসকলক লগত লৈ ফুটমাৰ্চ কৰি বিভিন্ন অঞ্চলত অভিযান চলায়। কোভিড সংক্ৰমণ অধিক চিন্তাজনক হৈ পৰা ৰেড জ’নৰূপে চিহ্নিত যোৰহাটৰ কণ্টেইনমেণ্ট অঞ্চলসমূহত মানুহৰ সমাগমৰ ওপৰত দৃষ্টি ৰাখিবলৈ আৰক্ষীয়ে  ড্ৰোণ কেমেৰাৰ সহায় লৈছে। ড্ৰোণৰ জৰিয়তে কোভিড প্ৰটকল ভংগকাৰীসকলৰ অজ্ঞাতে ফটো সংগ্ৰহ কৰি ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে আৰক্ষী-প্ৰশাসনে। আনহাতে যোৰহাটৰ একাংশ ঠাইত বৰ্তমানো চিন্তনীয় হৈ আছে কোভিড পৰিস্থিতি। অৱশ্যে আগন্তুক দুদিনৰ পিছত সমগ্ৰ জিলাখনতে পুনৰ কণ্টেইনমেণ্ট জিলাৰ নিষেধাজ্ঞা অব্যাহত থাকিবনে নাই সেয়া বিস্তৃত পৰ্যালোচনাৰ পিছতহে নিশ্চিত হ’ব বুলি জানিবলৈ দিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

আনহাতে, On Essential Duty, On Emergency duty, Press আদি লিখা ফলক মাৰি গাড়ী চলাই ঘূৰি ফুৰা লোকসকলৰ নথিসমূহ এতিয়াৰে পৰা তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে। কোভিড সংক্ৰমণ বৃদ্ধি পোৱা টীয়ক, তিতাবৰৰ কেইবাটাও অঞ্চলত আৰক্ষীৰ কেইবাটাও গোটে অনুৰূপ ধৰণে টহল দিয়ে। কোভিড প্ৰটকল ভংগকাৰীসকলক আৰক্ষীয়ে জৰিমনা বিহিছে তথা জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত আছে।

"আমি প্ৰায় ৭৫ হাজাৰ টকা কোভিড বিধি ভংগকাৰী লোকৰ পৰা জৰিমনা সংগ্ৰহ কৰিছো। আঠ হাজাৰ লিটাৰতকৈ অধিক অবৈধ সুৰা নষ্ট কৰিছো। সোমবাৰে নিশা চেলেং চাহ বাগিচাত অবৈধ সুৰাৰ ঘাটিত অভিযান চলোৱা হয়। যোৰহাটৰ চুকে-কোণে আমাৰ বহুকেইটা দলে ফুটমাৰ্চ অব্যাহত ৰাখিছে।", যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে এনেদৰে কয়।

যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে অনাহকত কোনো লোককে বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে । যোৱা দুদিনত যোৰহাটৰ পৰিস্থিতি উন্নত হৈছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে। আনহাতে এই সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাসমূহহে চলি থাকিব যদিও ঘৰৰ পৰা ওলাই অহা লোকসকলে এইক্ষেত্ৰত সঠিক প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব। আনহাতে প্ৰাতঃ ভ্ৰমণ  আৰু সান্ধ্য ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি পুনৰ স্পষ্ট কৰি দিছে আৰক্ষী আৰু জিলা প্ৰশাসনে।

"বিগত তিনিদিনত আমি ভাল ফলাফল লাভ কৰিছো। সেয়েহে যোৰহাটত আৰু দুদিনলৈ বৰ্তমানৰ দৰে সম্পূৰ্ণ লকডাউন বৃদ্ধি কৰা হৈছে। যোৱা তিনিদিনত আমি ৰাইজৰ সহযোগিতা লাভ কৰিছো। তাৰ বাবে ৰাইজক ধন্যবাদ জনাইছো। আগন্তুক দিনকেইটাতো ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছো। যাতে যোৰহাট জিলাখন কণ্টেইনমেণ্ট ডিষ্ট্ৰিক্টৰ তালিকাৰ পৰা মুক্ত হ’ব পাৰে।", যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মণে এনেদৰে কয়।

উল্লেখযোগ্য, বিগত তিনিদিনত যোৰহাটত কোভিড সংক্ৰমণৰ হাৰ ২.৭ শতাংশতকৈ কিছু বৃদ্ধি পাই আছে যদিও সংক্ৰমণৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। যোৰহাট জিলাখন প্ৰথমে  ৰেড জ’নত নাছিল। যোৰহাটৰ দুখনমান গাঁও আৰু দুখনমান চাহ বাগিচাত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে সমগ্ৰ জিলাখনেই ৰেড জ’নৰূপে চিহ্নিত হয় বুলি প্ৰশাসনৰ সূত্ৰত প্ৰকাশ। সেয়েহে কোভিড বিধিসমূহ মানি চলি যোৰহাট জিলাক ৰেড ডিষ্ট্ৰিক্টৰ তালিকাৰ পৰা মুক্ত কৰিবলৈ সকলোকে আহ্বান জনাইছে উপায়ুক্তগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published: