কোৰোণাই সলনি কৰিলে জীৱনৰ সুঁতি, বহিঃৰাজ্যৰ পৰা আহি সাঁচতীয়া টকাকেইটাৰে ধেমাজিৰ দুই যুৱকে ঘৰতে আৰম্ভ কৰিলে এই ব্যৱসায়

News18 Assam | News18-Assam
Updated:September 3, 2020, 10:18 PM IST
কোৰোণাই সলনি কৰিলে জীৱনৰ সুঁতি, বহিঃৰাজ্যৰ পৰা আহি সাঁচতীয়া টকাকেইটাৰে ধেমাজিৰ দুই যুৱকে ঘৰতে আৰম্ভ কৰিলে এই ব্যৱসায়
ইতিমধ্যে ধেমাজি, চিচিবৰগাঁও, জোনাই, চিলাপথাৰ, চিমেন চাপৰিত জনপ্ৰিয় হৈ পৰিছে সোণেশ্বৰ-ৰামচন্দ্ৰই ঘৰতে প্ৰস্তুত কৰা হাৱাই চেণ্ডেল৷

ইতিমধ্যে ধেমাজি, চিচিবৰগাঁও, জোনাই, চিলাপথাৰ, চিমেন চাপৰিত জনপ্ৰিয় হৈ পৰিছে সোণেশ্বৰ-ৰামচন্দ্ৰই ঘৰতে প্ৰস্তুত কৰা হাৱাই চেণ্ডেল৷

  • News18 Assam
  • Last Updated: September 3, 2020, 10:18 PM IST
  • Share this:
কোৰোণাই শ শ যুৱকক কৰ্মহীন কৰাৰ সময়ত এক আশাৰ বতৰা৷ কোৰোণাৰ সময়ত কেৰালাত সংস্থাপন হেৰুৱাই কৰ্মহীন হৈ লকডাউনৰ পিছতে ঘৰলৈ ঘূৰি আহি হতাশ নহৈ ঘৰতে লঘু উদ্যোগ স্থাপন কৰি দেখুৱাইছে স্বাৱলম্বনৰ নিদৰ্শন৷ ধেমাজিৰ চিচিবৰগাঁৱৰ সোণেশ্বৰ দিহিঙীয়া আৰু ৰামচন্দ্ৰ শইকীয়াই ঘৰতে প্ৰস্তুত কৰা হাৱাই চেণ্ডেলে দখল কৰিছে ধেমাজিৰ বজাৰ৷

সোণেশ্বৰ-ৰামচন্দ্ৰই ঘৰতে প্ৰস্তুত কৰা হাৱাই চেণ্ডেলে ধেমাজিত চেৰ পেলাইছে নামী–দামী ব্ৰেণ্ডৰ বহুজাতিক কোম্পানীৰ হাৱাই চেণ্ডেলক৷ বন্যহস্তীয়ে পিতৃক গচকি মৰাৰ পিছত ক্ষোভ আৰু হতাশাই ছানি ধৰা পৰিয়ালটোক সকাহ দিবৰ বাবে ধেমাজিৰ চিচিবৰগাঁও চুমনিৰ সোণেশ্বৰ দিহিঙীয়াই কামৰ সন্ধানত গুচি গৈছিল কেৰালালৈ৷ কেৰালাত থাকিয়েই মাটি কিনি সৰুকৈ অসম আৰ্হিৰ পকী ঘৰো নিৰ্মাণ কৰা সোণেশ্বৰ দিহিঙীয়াই কোৰোণাৰ বাবে সংস্থাপনহীন হৈ ঘৰলৈ ঘূৰি আহিল৷

অৱশেষত বন্ধু হেমচন্দ্ৰ শইকীয়াৰ লগ হৈ সোণেশ্বৰ দিহিঙীয়াই কেৰালাত কৰা হাৱাই চেণ্ডেলৰ কাৰখানাত কাম কৰা অভিজ্ঞতাক সাৰথি কৰি ঘৰতে আৰম্ভ কৰিলে হাৱাই চেণ্ডেলৰ লঘূ উদ্যোগ৷ সাঁচতীয়া টকাৰে গুৱাহাটীৰ পৰা আনি ললে যাৱতীয় মেচিন৷ দুয়োজনে দুই পত্নী আৰু মাতৃক লগত লৈ আৰম্ভ কৰা হাৱাই চেণ্ডেল প্ৰস্তুতৰ কাম এতিয়া পূৰ্ণগতিত চলি আছে৷

ইতিমধ্যে ধেমাজি, চিচিবৰগাঁও, জোনাই, চিলাপথাৰ, চিমেন চাপৰিত জনপ্ৰিয় হৈ পৰিছে সোণেশ্বৰ-ৰামচন্দ্ৰই ঘৰতে প্ৰস্তুত কৰা হাৱাই চেণ্ডেল৷ কোৰোণাৰ সময়ত সংস্থাপন হেৰুৱাই বহিঃৰাজ্যৰ পৰা ঘৰলৈ উভতি অহা যুৱক–যুৱতীসকল নতুবা অসমতে সংস্থাপনহীন হৈ হতাশগ্ৰস্ত হৈ পৰা শ শ যুৱক যুৱতীৰ বাবে সোণেশ্বৰ দিহিঙীয়া আৰু ৰামচন্দ্ৰ শইকীয়া নিঃসন্দেহে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস৷
Published by: Sanjay Kumar Das
First published: September 3, 2020, 10:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading