• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণাই কোঙা কৰা এটা দৰিদ্ৰ পৰিয়াল, এজন বাছ চালকৰ কৰুণ জীৱন গাঁথা

কোৰোণাই কোঙা কৰা এটা দৰিদ্ৰ পৰিয়াল, এজন বাছ চালকৰ কৰুণ জীৱন গাঁথা

প্ৰায় দুবছৰেই হ'ল, কোৰোণাৰ বাবে চলাব পৰা নাই গাড়ী। যাৰ বাবে ৰুগীয়া পত্নীক অৰ্থৰ অভাৱত কৰিব পৰা নাই চিকিৎসা।

প্ৰায় দুবছৰেই হ'ল, কোৰোণাৰ বাবে চলাব পৰা নাই গাড়ী। যাৰ বাবে ৰুগীয়া পত্নীক অৰ্থৰ অভাৱত কৰিব পৰা নাই চিকিৎসা।

প্ৰায় দুবছৰেই হ'ল, কোৰোণাৰ বাবে চলাব পৰা নাই গাড়ী। যাৰ বাবে ৰুগীয়া পত্নীক অৰ্থৰ অভাৱত কৰিব পৰা নাই চিকিৎসা।

  • Share this:
কোৰোণাৰ সময়ত বিপদত পৰিছে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকল। বিগত বৰ্ষত কোৰোণাই কোঙা কৰা ৰাইজ বিপদত পৰিছে কোৰোণাৰ দ্বিতীয় লহৰত। আংশিক লকডাউনত দিকবিদিক হেৰুৱাইছে বহু দৰিদ্ৰ পৰিয়ালে। চামগুৰি সমষ্টিৰ সুতাৰ গাঁৱৰ এগৰাকী বাছ চালকৰ জীৱন কাহিনী শুনিলে আপোনাৰো চকু সেমেকি উঠিব।

লোকজনৰ নাম ঘনশ্যাম হাজৰিকা। চামগুৰি সমষ্টিৰ সুতাৰ গাঁৱৰ ঘনশ্যাম পেছাত এগৰাকী বাছচালক। কিন্তু প্ৰায় দুবছৰেই হ'ল, কোৰোণাৰ বাবে চলাব পৰা নাই গাড়ী। যাৰ বাবে ৰুগীয়া পত্নীক অৰ্থৰ অভাৱত কৰিব পৰা নাই চিকিৎসা। চিকিৎসাললৈ নিছিল যদিও অৰ্থৰ অভাৱত পুনৰ ঘৰলৈ ঘূৰাই আনিবলগীয়া হ’ল পত্নী অঞ্জু হাজৰিকাক। ঘৰৰ যি সম্পত্তি আছিল সকলো শেষ হ'ল। কিন্তু তথাপিও বিপদে লগ এৰা নাই পৰিয়ালটোৰ।

ওচৰ–চুবুৰীয়াই সহায় কৰিছিল যদিও ঘনশ্যামৰ পত্নীৰ চিকিৎসাৰ বাবে সেয়া পৰ্যাপ্ত নাছিল।যাৰ বাবে এতিয়া কোৰোণাই কোঙা কৰা এই পৰিয়ালটোৱে চৰকাৰৰ ওচৰত বিচাৰিছে সহায় ভিক্ষা। গাঁওবাসীয়েও এই দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবলৈ অনুৰোধ জনাইছে স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক।
Published by:Sanjay Kumar Das
First published: