உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লকডাউনে সলনি কৰিছে বহুতৰে জীৱন আৰু জীৱিকা, এসময়ত হাতত মাৰণাস্ত্ৰ তুলি লোৱা বন্তি চেতিয়াৰ আন এক অধ্যায়

    লকডাউনে সলনি কৰিছে বহুতৰে জীৱন আৰু জীৱিকা, এসময়ত হাতত মাৰণাস্ত্ৰ তুলি লোৱা বন্তি চেতিয়াৰ আন এক অধ্যায়

    আলফাত থকাৰ সময়তে ম্যানমাৰত সতীৰ্থ বিপ্লৱী নোমল চেতিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বন্তি চেতিয়াই।

    আলফাত থকাৰ সময়তে ম্যানমাৰত সতীৰ্থ বিপ্লৱী নোমল চেতিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বন্তি চেতিয়াই।

    আলফাত থকাৰ সময়তে ম্যানমাৰত সতীৰ্থ বিপ্লৱী নোমল চেতিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বন্তি চেতিয়াই।

    • Share this:
    সশস্ত্ৰ সংগ্ৰামৰ পৰা অৰ্থনৈতিক সংগ্ৰামলৈকে এগৰাকী বীৰাংগনাই দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। সুদীৰ্ঘ ১০টা বছৰ জড়িত আছিল সশস্ত্ৰ সংগ্ৰামৰ সৈতে। সময়ৰ আহ্বানত হাতত তুলি লৈছিল মাৰণাস্ত্ৰ। আজি একেগৰাকী মহিলাই কঠোৰ সময়ৰ আহ্বানত হাতত তুলি লৈছে মেচি দা আৰু এখন অৰ্থনৈতিক সংগ্ৰাম।

    ডিব্ৰুগড় জিলাৰ ৰাজগড় ২নং নভকতীয়া গাঁৱত বন্তি চেতিয়া নামৰ এইগৰাকী মহিলাই ১৯৯৯ চনৰ পৰা ২০০৮ চনলৈ সংযুক্ত মুক্তি বাহিনী অসম ( আলফা )ৰ এগৰাকী সক্ৰিয় সদস্যা হিচাপে কাম কৰিছিল। আলফাত থকাৰ সময়তে ম্যানমাৰত সতীৰ্থ বিপ্লৱী নোমল চেতিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বন্তি চেতিয়াই। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সশস্ত্ৰ সংগ্ৰামৰ বাটত আগবাঢ়ি গৈছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে ২০০৮ চনত বন্তি চেতিয়া আৰু নোমল চেতিয়া দুয়ো মূলসূঁতিলৈ ঘূৰি আহে।

    ইয়াৰ পিছতে ঋণ লৈ ধান মিলৰ ব্যৱসায়েৰে কোনোমতে সংসাৰ চলাই আহিছিল দুটি সন্তানৰ সৈতে দম্পতীহালে। কিন্তু, কোৰোণাতংক আৰু লকডাউনৰ ফলত ধান মিলৰ ব্যৱসায় প্ৰায় বন্ধ হৈ পৰাত সমস্যাত পৰিবলগীয়া হয় পৰিয়ালটি। সেয়েহে, এতিয়া ৰাজগড় ২নং নভকতীয়া গাঁৱৰ তিনিআলিত হাঁহ, কুকুৰা আৰু গাহৰি মাংসৰ দোকান দি পৰিয়াল পোহপাল দিবলগীয়া হৈছে বন্তি চেতিয়াই।
    Published by:Sanjay Kumar Das
    First published: