ল’ক ডাউন ভংগকাৰীয়ে মহানগৰীৰ ৰাজপথত চোচঁৰাই নিলে কৰ্তব্যৰত যান বাহন আৰক্ষীক

News18 Assam | News18-Assam
Updated:May 30, 2020, 8:14 PM IST
ল’ক ডাউন ভংগকাৰীয়ে মহানগৰীৰ ৰাজপথত চোচঁৰাই নিলে কৰ্তব্যৰত যান বাহন আৰক্ষীক
চৰকাৰ কিম্বা আৰক্ষী প্ৰশাসনে যিমানেই ল’ক ডাউন মানি চলিবলৈ সকলোকে অনুৰোধ কৰিছে, সেই সময়তে একাংশই ভংগ কৰি আহিছে ল’ক ডাউনৰ নীতি নিয়ম

চৰকাৰ কিম্বা আৰক্ষী প্ৰশাসনে যিমানেই ল’ক ডাউন মানি চলিবলৈ সকলোকে অনুৰোধ কৰিছে, সেই সময়তে একাংশই ভংগ কৰি আহিছে ল’ক ডাউনৰ নীতি নিয়ম

  • Share this:
চৰকাৰ কিম্বা আৰক্ষী প্ৰশাসনে যিমানেই ল’ক ডাউন মানি চলিবলৈ সকলোকে অনুৰোধ কৰিছে, সেই সময়তে একাংশই ভংগ কৰি আহিছে ল’ক ডাউনৰ নীতি নিয়ম ৷ ল’ক ডাউনৰ নীতি নিয়ম ভংগ কৰি বাৰত সুৰাপান কৰি মুখ্যমন্ত্ৰী কনভয়ত খুন্দিয়াবলৈ উদ্যত হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই শনিবাৰে মহানগৰীত সংঘটিত হ’ল আন এক চাঞ্চল্যকৰ ঘটনা ৷

শনিবাৰে মহানগৰীৰ ৰুক্মিণী গাঁৱৰ সমীপত যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত আছিল উজ্জ্বল সিনহা নামৰ যান-বাহন আৰক্ষীৰ কনিষ্টবলগৰাকী ৷ বিয়লি ঠিক ৫ বজাত ডাউন-টাউন অভিমূখে এখন স্কুটিত উঠি আহিছিল দুজন যুৱক ৷ ল’ক-ডাউনৰ নিয়ম ভংগ কৰি স্কুটিত দুজন লোক উঠি অহাৰ বাবে যুৱক দুজনক ৰখাবলৈ চেষ্টা চলাইছিল যান বাহন আৰক্ষীৰ জোৱানজনে ৷ কিন্তু যুৱক দুজনে ৰখোৱাৰ পৰিৱৰ্তে যান-বাহন আৰক্ষীৰ জোৱানজনক প্ৰায় ৫০মিটাৰ দূৰত্বলৈ চোচঁৰাই লৈ যায় উদণ্ড বাইক চালকজনে।

জোৱানজনে ডিঙিত আৰু হাতত যথেষ্ট পৰিমাণে আঘাত পাইছে ৷ পিছত জোৱানজনক চিকিৎসা প্ৰদানৰ বাবে লৈ যোৱা হয় ছয়মাইলৰ জি এন আৰ ছি হাস্পতাললৈ ৷ অৱশ্য এই পৰ্যন্ত সন্ধান পোৱা নাই ল’ক-ডাউন ভংগ কৰি আৰক্ষী জোৱানক মহতিয়াই নিয়াৰ চেষ্টা কৰা দুই যুৱকৰ ৷
First published: May 30, 2020, 8:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading