বিয়াঘৰত প্ৰতিধ্বনিত নহ’ল বিয়া নামৰ শব্দ, নাই কোনো আলহী-অতিথি, ল’ক ডাউনৰ মাজতে হৈ গ’ল সাৰংগ আৰু বৰষাৰ বিয়া খন

News18 Assam | News18-Assam
Updated:May 16, 2020, 7:57 PM IST
বিয়াঘৰত প্ৰতিধ্বনিত নহ’ল বিয়া নামৰ শব্দ, নাই কোনো আলহী-অতিথি, ল’ক ডাউনৰ মাজতে হৈ গ’ল সাৰংগ আৰু বৰষাৰ বিয়া খন
দৰা-কইনাৰ মুখত দেখিবলৈ পোৱা গ’ল মাস্ক

দৰা-কইনাৰ মুখত দেখিবলৈ পোৱা গ’ল মাস্ক

  • Share this:
একেবাৰে মনে মনে এইবাৰ পাৰ হৈ গ’ল ব’হাগ! ব’হাগত এইবাৰ শুনা নগ’ল আয়তিৰ উৰুলি, শুনা নগ’ল বিয়ানামৰ ধ্বনি! আগতেই দিন বাৰ ঠিক কৰি থোৱাৰ বাবে দুখন মান বিয়া কেৱল পৰম্পৰাগত নিয়ম খিনি মানিয়েই হৈ গ’ল।

তেনেদৰেই একেবাৰে উকা ৰভাৰ তলিত হৈ যায় বৰপেটাৰ সাৰংগ শৰ্মা আৰু বৰষা গোস্বামীৰ বিয়াখন। বিয়া ঘৰত নাছিল কোনো অতিথি। দুই এজন এৰাব নোৱাৰা লোকৰ উপস্থিতিত বিবাহ পাশত আবদ্ধ হ’ল দুয়ো। হোমৰ গুৰিতো দুয়ো পিন্ধি ল’লে মাস্ক।

বিয়াৰ দিনাই দৰাঘৰৰ লোকে ১০০ খন ফেচ মাস্ক প্ৰদান কৰে স্থানীয়লোকক। ল’ক ডাউনৰ মাজতে বিয়া খন হ’ল যদিও দুয়োকে এতিয়া যুগ্মজীৱনৰ শুভকামনা জনাইছে সকলোৱে।

দৰাঘৰীয়া এজনে কোৱা মতে, তেওঁলোকে সম্পূৰ্ণ চৰকাৰে বান্ধি দিয়া নিয়ম পালন কৰি , সামাজিক দুৰত্ব মানি একেবাৰে দুই  এজন সম্বন্ধীয় লোকক উপস্থিতিতে হৈ যায় বিয়া খন।
First published: May 16, 2020, 7:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading