পুৰোহিতৰেই নহয় দৰা-কইনাৰ মুখতো মাস্ক, ল’ক ডাউনৰ মাজতে হৈ গ’ল ভাগ্যৱতী আৰু উদ্ধৱৰ বিয়া খন

News18 Assam | News18-Assam
Updated:May 9, 2020, 12:54 PM IST
পুৰোহিতৰেই নহয় দৰা-কইনাৰ মুখতো মাস্ক, ল’ক ডাউনৰ মাজতে হৈ গ’ল ভাগ্যৱতী আৰু উদ্ধৱৰ বিয়া খন
সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনাৰ মাজত অনুষ্ঠিত হ'ল বিবাহ অনুষ্ঠান

সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনাৰ মাজত অনুষ্ঠিত হ'ল বিবাহ অনুষ্ঠান

  • Share this:
দেশজুৰি এতিয়া কোৰোণা ভাইৰাছৰ সংহাৰী ৰূপ।দীঘলীয়া ল’কডাউনত স্তব্ধ জনজীৱন। তাৰ মাজতে হও নহও কৈ হোজোৰ সোবানচাহত হৈ গ’ল ভাগ্যৱতী আৰু উদ্ধৱৰ বিয়াখন।  সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনাৰ মাজত অনুষ্ঠিত হ'ল বিবাহ অনুষ্ঠান।

দৰা কইনাৰ মুখত মাস্ক। বিবাহ অনুষ্ঠানত উপস্থিত আন আন আত্মীয়কো মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা গ’ল। মাস্ক পৰিধান কৰি পুৰোহিতেও কৰিলে মন্ত্ৰোচ্চাৰণ।

বিবাহ অনুষ্ঠানত উপস্থিত থকা লোকেও ব্যাপক সতৰ্কতা অৱলম্বন কৰা দেখা গ’ল। কলপুলি কাষত থৈ ৰাখি থোৱা হেণ্ডৱাচেৰে হাত ধুই সোমালে বৰযাত্ৰী। বিবাহ অনুষ্ঠানৰ মাংগলিক অনুষ্ঠানত উপস্থিত আছিল মাত্ৰ ৫ গৰাকী লোক।

এনেকৈয়ে অনন্য অভিজ্ঞতাৰ মাজেৰে প্ৰশাসনৰ অনুমতি সাপেক্ষে কামৰূপৰ শিঙিমাৰীৰ উদ্ধৱ বৰ্মনে হাজোৰ সোৱানচাহৰ ভাগ্যবতী মেধিক দিনতেই অগ্নিক সাক্ষী কৰি যুগ্মজীৱনৰ বাবে সকলোৰে পৰা ল’লে আশীৰ্বাদ।
First published: May 9, 2020, 12:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading