সোমবাৰৰ পৰা গুৱাহাটী বন্ধ, ভাৰতৰ এইসমূহ স্থানতো চলি আছে ল’ক ডাউন

News18 Assam | News18-Assam
Updated:June 27, 2020, 10:22 PM IST
সোমবাৰৰ পৰা গুৱাহাটী বন্ধ, ভাৰতৰ এইসমূহ স্থানতো চলি আছে ল’ক ডাউন
দেশত এতিয়াও অব্যাহত আছে কোৰোণাতংক৷ অসমতো মুঠ কোৰোণা আক্ৰান্তৰ সংখ্যাই ৭ হাজাৰৰ ঘৰ চোৱাৰ উপক্ৰম হোৱাৰ সমান্তৰালকৈ সুস্থ হৈ উঠিছে ৪ হাজাৰোৰো অধিক ৷

দেশত এতিয়াও অব্যাহত আছে কোৰোণাতংক৷ অসমতো মুঠ কোৰোণা আক্ৰান্তৰ সংখ্যাই ৭ হাজাৰৰ ঘৰ চোৱাৰ উপক্ৰম হোৱাৰ সমান্তৰালকৈ সুস্থ হৈ উঠিছে ৪ হাজাৰোৰো অধিক ৷

  • Share this:
দেশত এতিয়াও অব্যাহত আছে কোৰোণাতংক৷ অসমতো মুঠ কোৰোণা আক্ৰান্তৰ সংখ্যাই ৭ হাজাৰৰ ঘৰ চোৱাৰ উপক্ৰম হোৱাৰ সমান্তৰালকৈ সুস্থ হৈ উঠিছে ৪ হাজাৰোৰো অধিক ৷ শেহেতীয়াকৈ গুৱাহাটীত কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা কোৰণাত আক্ৰান্ত লোকৰ সংখ্যাও ভয়ংকৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ কোৰোণাৰ এনে সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ ৰাজ্যজুৰি জাৰি কৰিছে ১২ ঘন্টীয়া নৈশ সান্ধ্যআইন আৰু দেওবাৰে নিশা ১২ বজাৰ পৰা কামৰূপ মহানগৰত ১৪ দিনৰ সম্পূৰ্ণ ল’কডাউন ৷ লগতে প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে ৰাজ্যজুৰি ঘোষণা কৰিছে উইকেণ্ড ল’ক ডাউনৰো ৷

যদিও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ক ডাউনৰ পিছত আনলকৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, তথাপিও কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়াও দেশৰ কেইবাটাও প্ৰান্তত চলি আছে ল’কডাউন ৷

জানো আহক এতিয়াও ক'ত ক'ত চলি আছে লকডাউন ৷

পশ্চিমবংগঃ ১৫ হাজাৰ অতিক্ৰম কৰা ক'ভিড আক্ৰান্তৰ ভিতৰত ৯ হাজাৰৰো অধিক সুস্থ হৈ উঠা পশ্চিমবংগত মৃত্যু হৈছে ৫৯১জনৰ ৷ বৰ্তমান ল’ক ডাউন চলি থকা পশ্চিমবংগত পুনৰ বৃদ্ধি কৰা হ'ল ল’ক ডাউনৰ দিন ৷ পশ্চিমবংগ চৰকাৰে ৩১ জুলাইলৈকে বৃদ্ধি কৰা এই লকডাউনত নৈশ সান্ধ্য আইনৰ সময় নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ৷

ঝাৰখণ্ডঃ ২ হাজাৰৰো অধিক ক'ভিড আক্ৰান্তৰ ১১গৰাকীৰ মৃত্যুৰ বিপৰীতে ঝাৰখণ্ডত সুস্থ হৈ উঠা লোকৰ সংখ্যা ডেৰ হাজাৰৰো অধিক ৷ ঝাৰখণ্ড চৰকাৰেও কোৰোণাৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে ৩১ জুলাইলৈ বৃদ্ধি কৰিছে লকডাউনৰ সময় ৷

তামিলনাডুঃ ৭৪ হাজাৰৰো অধিক মুঠ আক্ৰান্তৰ সংখ্যাৰে তামিলনাডুত কভিডত মৃত্যু হৈছে ৯৫৭গৰাকী ৷ সুস্থ হৈ উঠিছে ৪১ হাজাৰৰো অধিক ৷ এনে পৰিস্থিতিত তামিলনাডু চৰকাৰেও ৰাজ্যখনৰ চেন্নাই, চেনগালপেট, থিৰুভাল্লুৰ আৰু কাঞ্চিপুৰমত ৩১ জুলাইলৈ জাৰি কৰিছে লকডাউনৰ নিৰ্দেশনা ৷

অন্ধ্ৰপ্ৰদেশঃ ১০ হাজাৰৰো অধিক ক'ভিড আক্ৰান্তৰ ভিতৰত ১২৪ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশত সুস্থ হোৱা লোকৰ সংখ্যা ৪,৭৭৯ ৷ অৱশ্যে অন্ধ্ৰপ্ৰদেশ চৰকাৰে এতিয়ালৈ ল’ক ডাউনৰ ঘোষণা কৰা নাই, কিন্তু হায়দৰাবাদৰ ব্যৱসায়ীসকলে দেওবাৰৰ পৰা ৮ দিনলৈ বেগম বজাৰ অঞ্চল বন্ধৰ ঘোষণা কৰিছে ৷

মহাৰাষ্ট্ৰঃ ১ লাখ ৪৮ হাজাৰ মুঠ আক্ৰান্তৰে ক'ভিড তালিকাৰ শীৰ্ষত থকা মহাৰাষ্ট্ৰত চৰকাৰে ৫ জুনৰ পৰাই কণ্টেইনমেণ্ট জ'নসমূহৰ বাহিৰত যুগ্ম-অযুগ্মৰ ভিত্তিত মলসমূহ খুলিছে। ইয়াৰ বাহিৰে সকলো বজাৰ, বজাৰ অঞ্চল আৰু দোকানসমূহ খোলাৰ নিৰ্দেশ জাৰি কৰিছিল যদিও ৩০ জুনলৈ বৃদ্ধি কৰিছে ল’ক ডাউনৰ সময় ৷
First published: June 27, 2020, 10:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading